NORTHEAST NOW (Assamese)
অসম

তেজপুৰত মনোনয়ন প্ৰত্যাহাৰ কৰিলে বৃন্দাবন গোস্বামীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2021 4:30 pm
30-08-15-Nagaon-Brindaban-Goswami-and-Rockibul-address-media-2-750x375

গৃহ কন্দলত জৰ্জৰিত অসম গণ পৰিষদে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা প্ৰথমখন প্ৰাৰ্থীৰ তালিকাত তেজপুৰত বৃন্দাবন গোস্বমীক টিকট প্ৰদান নকৰাত বিক্ষুদ্ধ হৈ পৰিছিল অগপৰ প্ৰবীণ নেতাগৰাকী।

সেইবাবেই তেওঁ দলক প্ৰত্যাহ্বান জনাই নিৰ্দলীয় ভাবে সমষ্টিটোৰ পৰা মনোনয়ন দাখিল কৰিছিল।

কিন্তু আজি বৃন্দাবন গোস্বামীয়ে প্ৰত্যাহাৰ কৰে তেওঁৰ মনোনয়ন পত্ৰ।কি কাৰণত মনোনয়ন দাখিলৰ পিছতো বৃন্দাবন গোস্বামীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য দেওবাৰে প্ৰকাশ কৰা অগপৰ প্ৰাৰ্থী তালিকা অনুসৰি দলটোৱে প্ৰত্যাশিতভাৱে তেজপুৰত বৃন্দাবন গোস্বামীক বঞ্চিত কৰি প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল কলাগুৰকু বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক।

অসম গণ পৰিষদৰ প্ৰথম পৰ্যায়ৰ ৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱা অনুসৰি বোকাখাতত সভাপতি তথা মন্ত্ৰী অতুল বৰা, কলিয়াবৰত কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই প্ৰতিদ্বন্দ্বিতা কৰিব।

ইফালে টীয়ক ৰেণুপমা ৰাজখোৱা, আমগুৰি প্ৰদীপ হাজৰিকা, চাবুৱা পোনাকণ বৰুৱা, নাওবৈছা জয়ন্ত খাউণ্ডে প্ৰাৰ্থিত্ব লাভ কৰিছে।

উল্লেখ্য যে দেওবাৰে অগপত যোগদান কৰিছিল পৃথ্বিৰাজ ৰাভাই।