NORTHEAST NOW (Assamese)
অসম

ইৰাণৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত সংস্কাৰপন্থী মাছুদ পেজেস্কিয়ান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 6, 2024 11:21 am

ইৰাণৰ নৱম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ইৰাণৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা জ্যেষ্ঠ সংসদ সদস্য সংস্কাৰপন্থী নেতা মাছুদ পেজেস্কিয়ান।

শুকুৰবাৰে অনুষ্ঠিত ১৪ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয় ৰাউণ্ডত মাছুদ পেজেস্কিয়ানে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰে।

জনসাধাৰণৰ ভোটত নিৰ্বাচিত হোৱা পেজেস্কিয়ানে লাভ কৰে ১ কোটি ৬৩ লাখ ৮৪ হাজাৰ ৪০৩ টা ভোট। আনহাতে, প্ৰাক্তন মুখ্য পাৰমাণৱিক আলোচনাপন্থী ছাইদ জলিলিয়ে লাভ কৰে ১ কোটি ৩৫ লাখ ৩৮ হাজাৰ ১৭৯টা ভোট।

লগতে পঢ়কঃ ত্ৰিপুৰাত শিক্ষাৰ্থীৰ মাজত HIV সংকট; ৪৭ জনৰ মৃত্যু, ৮২৮ গৰাকী পজিটিভ

১৯৫৪ চনত জন্মগ্ৰহণ কৰা নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ হাৰ্ট চাৰ্জাৰীৰ বিশেষজ্ঞ ডিগ্ৰী আছে। তেওঁ ২০০১ চনৰ পৰা ২০০৫ চনলৈকে ইৰাণৰ স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইৰাণৰ উত্তৰ তাব্ৰিজ অঞ্চলৰ পৰাও তেওঁ ৫ বাৰ নিৰ্বাচিত সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁৰ ইৰাণৰ দশম ৰাষ্ট্ৰীয় সংসদৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতাও আছে।

শুকুৰবাৰে দ্বিতীয় ৰাউণ্ডৰ নিৰ্বাচনৰ ভোটদানৰ সময়সীমা সন্ধিয়া ৬ বজালৈকে আছিল যদিও সেয়া কেইবাটা পৰ্যায়ত মাজনিশা ১২ বজালৈ বৃদ্ধি কৰা হৈছিল।

লগতে পঢ়কঃ Euro 2024: উত্তেজনাপূৰ্ণ খেলত স্পেইনৰ হাতত পৰাস্ত হৈ ইউৰোৰ পৰা বিদায় আয়োজক জাৰ্মানীৰ, ছেমিফাইনেলত স্পেইন

উল্লেখ্য যে যোৱা মে’ মাহত ইৰাণৰ পূব আজাৰবাইজান প্ৰদেশত হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যুৰ পিছত দেশখনত সাংবিধানিক বাধ্যবাধকতা হিচাপে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল।