• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Euro 2024: উত্তেজনাপূৰ্ণ খেলত স্পেইনৰ হাতত পৰাস্ত হৈ ইউৰোৰ পৰা বিদায় আয়োজক জাৰ্মানীৰ, ছেমিফাইনেলত স্পেইন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2024 8:13 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত ইউৰো কাপৰ আটাইতকৈ ধাৰাবাহিক দুটা দলে কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হৈছিল। ফলত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেল হ’ব বুলি আশাই কৰা হৈছিল। সেইটোৱে হৈছিল। দুয়োটা দলে আক্ৰমণাত্মক ফুটবল খেলিছিল। ডেনি অলমোৰ গ’লে স্পেইনক অগ্ৰগতি প্ৰদান কৰে যদিও জাৰ্মানীয়ে হাৰ মনা নাছিল। নিৰ্দ্ধাৰিত সময় শে। হোৱাৰ পূৰ্বে ফ্লৰিয়ান উইৰ্টজে সমতা স্থাপন কৰে।

খেলখন অতিৰিক্ত সময়লৈ গ’ল। ১১৮ মিনিটৰ পাছত স্পেইনৰ মাইকেল মেৰিনোৱে নিৰ্ণায়ক গ’লটো দিয়ে। জাৰ্মানীয়ে আৰু প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিলে। ঘৰৰ মাটিত পৰাস্ত হৈ খেলপথাৰ এৰিব লগা হ’ল জাৰ্মানীয়ে। কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ ইউৰোৰ পৰা বাহিৰ হোৱা প্ৰথমখন আয়োজক দেশ হিচাপে পৰিগণিত হ’ল জাৰ্মানী।

যোৱাবাৰ ইউৰোৰ ছেমি ফাইনেলত টাইব্ৰেকাৰত পেনাল্টি হেৰুৱাইছিল অলমোৱে। ইটালীৰ হাতত পৰাস্ত হোৱাৰ পিছত স্পেইন বাহিৰ হৈছিল। এইবাৰ তেওঁ এটা গ’ল দিয়ে। এই এটা গ’ল কৰিয়ে খলনায়কৰ পৰা তেওঁ নায়ক হৈ পৰিল।

Apply Now

স্পেইনৰ বিৰুদ্ধে জাৰ্মানীৰ প্ৰশিক্ষক জুলিয়ান নাগেলছমেনে প্ৰথম একাদশত কেইটামান পৰিৱৰ্তন সাধন কৰে। তেওঁ আৰম্ভণিৰে পৰাই এমৰে চান, লেৰয় ছানেহঁতক খেলাইছিল। নিকো উইলিয়ামছক ব্লক কৰিবলৈ ছানেক ৰখা হৈছিল। স্পেইনৰ আক্ৰমণ ভঙাৰ ডাঙৰ দায়িত্ব দিয়া হৈছিল টনি ক্ৰুজক। সেইখিনিতে নাগেলছমেনে ভুল কৰিছিল। ক্ৰুজে বহু সময়ত ডিফেন্সত সহায় কৰিছিল। ফলত প্রথমার্ধত জার্মানীৰ আক্রমণত সমস্যা আহি পৰিল৷

লগতে পঢ়কঃ শ্ৰমজীৱী পৰিয়ালৰ সন্তান! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ আগবঢ়া কোন এই কেইৰ ষ্টাৰ্মাৰ?

খেলখনৰ ৮ মিনিটৰ অন্তত স্পেইনে ডাঙৰ আঘাত পায়। আঘাতপ্ৰাপ্ত হৈ পেড্ৰিয়ে খেলপথাৰ এৰিবলগীয়া হৈছিল। স্পেইনৰ প্ৰশিক্ষক লুইছ ডি লা ফুয়েণ্টে বহু আগতেই অলমোক নমাবলৈ বাধ্য হৈছিল। কিন্তু ই স্পেইনৰ বাবে আশীৰ্বাদ হৈ পৰিল। অলমো নমাত স্পেইনৰ আক্ৰমণত অভিজ্ঞতা বাঢ়িল।

আৰম্ভণিৰে পৰাই শাৰীৰিক শক্তিৰ ফুটবল চলি আছিল। আৰম্ভণিতে জাৰ্মান ফুটবলাৰসকলে কেইবাটাও কঠিন মুহূৰ্ত মোকাবিলা কৰিছিল। কিন্তু ৰেফাৰীয়ে আৰম্ভণিতে খেলৰ ছন্দ নষ্ট কৰিব বিচৰা নাছিল। ২১ মিনিটৰ পাছত জাৰ্মানীৰ কাই হাভাৰ্টজে ভাল সুযোগ লাভ কৰে। জোছুয়া কিমিকৰ ক্ৰছৰ পৰা তেওঁৰ হেডাটোত বিশেষ গতি নাছিল। উনাই ছিমনে সেইটো বচোৱাত কোনো সমস্যা নহ’ল।

দুয়োটা দলে আক্ৰমণাত্মক ফুটবল খেলি আছিল। বক্সৰ পৰা বক্সলৈ আক্ৰমণ চলিছিল। ফলত দুয়োটা দলৰ ডিফেন্সত সাৱধান হ’বলগীয়া হ’ল। প্ৰথমাৰ্ধত স্পেইন অলপ আগবাঢ়ি আছিল। তেওঁলোকৰ মিডফিল্ডৰ দখল বেছি আছিল। ৪০ মিনিটৰ পাছত জাৰ্মান গ’লৰক্ষক মেনুৱেল ন্যুয়াৰে অলমোৰৰ শ্বট ৰক্ষা কৰে। প্ৰথমাৰ্ধ গ’লবিহীনভাৱে শেষ হয়।

দ্বিতীয়াৰ্ধৰ দুই মিনিটৰ ভিতৰতে স্পেইনৰ অধিনায়ক আলভাৰো মৰাটাই ভাল সুযোগ লাভ কৰে। লেমিন ইয়ামালৰ পাছ ধৰি তেওঁ গ’ল দিব পাৰিলেহেঁতেন৷ অকলে গ’লৰক্ষকক পোৱাৰ পাছতো তেওঁ গ’ল দিব নোৱাৰিলে৷ যদিও অলমোৱে ৪ মিনিটৰ পিছত জাৰ্মানীক আঘাত হানে। আকৌ ইয়ামালে সোঁফালে গতি লৈ বক্সলৈ পাছ কৰিলে। সোঁভৰিৰ শ্বটেৰে গ’ল দিয়ে অলমোৱে। স্পেইন আগবাঢ়ি যায়।

লগতে পঢ়কঃ মোডীৰ স্বদেশী প্ৰযুক্তিৰ আত্মসমৰ্পন! টুইটাৰক প্ৰত্যাহ্বান জনাবলৈ গৈ বন্ধই হৈ গ’ল ‘Koo’

এটা গ’ল খোৱাৰ পিছত জাৰ্মানীৰ খেল সলনি হ’ল। আহত বাঘৰ দৰে আক্ৰমণ কৰিবলৈ ধৰিলে। প্ৰশিক্ষকে ক্ৰুজক আক্ৰমণৰ বাবে আগবঢ়াই দিলে। নিক্লাছ ফুলক্ৰুগ, ফ্লৰিয়ান উইৰ্টজক নমালে। ফলত স্পেইনৰ বক্সত ইটোৰ পিছত সিটো আক্ৰমণ দেখা গ’ল। স্পেইন কিছু ৰক্ষণশীল হৈ পৰিল।

৭০ মিনিটত ৰবাৰ্ট এণ্ড্ৰিচৰ শ্বটৰ পৰা ছিমনে ভাল ৰক্ষা কৰে। ৭৭ মিনিটৰ পাছত বক্সৰ ভিতৰৰ পৰা ফুলক্ৰুগৰ শ্বটটো পোষ্টত খুন্দা মাৰে। স্পেইনৰ গ’লৰ মুখ কেতিয়াও মুকলি হোৱা নাছিল। ৮২ মিনিটৰ শেষত ছাইমনক আগুৱাই দি হাভাৰ্টজে পোনে পোনে গ’লত এটা শ্বট মাৰে। বলটো বাৰৰ ঠিক ওপৰেৰে যায়।

জাৰ্মান প্ৰশিক্ষকে থমাছ মুলাৰকো শেষ অস্ত্ৰ হিচাপে নমাই দিয়ে। জাৰ্মানীয়ে অবিৰত আক্ৰমণৰ ফল পায়। ৮৯ মিনিটৰ শেষত মিটেলষ্টাডৰ ক্ৰছটো হাভাৰ্টজে হেড কৰি দিয়ে। সোঁভৰিৰ শ্বটেৰে গ’ল দিয়ে উইৰ্টজে। বলটো পোষ্টত খুন্দা মাৰি নেটত আবদ্ধ হৈ পৰে। জাৰ্মানীয়ে সমতা স্থাপন কৰে। খেলখন অতিৰিক্ত সময়লৈ গ’ল।

অতিৰিক্ত সময়ৰ প্ৰথমাৰ্ধত দুয়োটা দলৰ পৰা আক্ৰমণাত্মক ফুটবল দেখা যায়। দুয়োটা দলে যে টাইব্ৰেকাৰৰ বাবে খেলা নাই সেয়া স্পষ্ট হৈ পৰিছিল। যদিও প্ৰথমাৰ্ধত কোনো গ’ল নাছিল, দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে বক্সত স্পেইনৰ কুকেইৰাৰ বলটো হাতত লাগিছিল। জাৰ্মানীয়ে পেনাল্টিৰ বাবে আবেদন জনায়। কিন্তু কুকেৰাই ইচ্ছাকৃতভাৱে বলটোত হাত লগোৱা নাছিল। সেয়ে ৰেফাৰীয়ে পেনাল্টি নিদিলে।

লগতে পঢ়কঃ ঘৰৰ ইচ্ছাৰ বিপৰীতে বিয়া হোৱাৰ বাবে যুৱতীক অপহৰণ কৰি জ্বলাই হত্যা পৰিয়ালৰ

দুয়োটা দলৰ ফুটবলাৰসকলে নিজৰ ১০০ শতাংশ উজাৰি দিয়াৰ বাবে শেষৰ ফালে ক্লান্ত হৈ পৰিছিল। দুয়োটা দলৰ প্ৰশিক্ষকে ৬ গৰাকী পৰিৱৰ্ত ফুটবলাৰক নমাবলৈ বাধ্য হয়। তেওঁলোকৰ হাতত কোনো কাৰ্ড বাকী নাথাকিল। ১১৫ মিনিটৰ পাছত কিমিকৰ শ্বটটো ছিমোনে ভালদৰে ৰক্ষা কৰে। খেলখন লাহে লাহে টাইব্ৰেকাৰৰ দিশে আগবাঢ়িছিল। ঠিক তেতিয়াই স্পেইনৰ যাদু। বাওঁফালৰ পৰা অলমোৱে বলটো ধৰি লয়। মাইকেল মেৰিনোৱে ন্যুয়াৰক হেডেৰে পৰাস্ত কৰে। এই গ’লৰ বাবে দোষ আছিল জাৰ্মানীৰ ডিফেণ্ডাৰ ৰুডিগাৰ। তেওঁ নিজৰ ঠাইত নাছিল। ফলত মেৰিনোৱে ফাঁকটোৰে হেড কৰিলে।

জাৰ্মানীয়ে প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিলে। একেবাৰে শেষ মুহূৰ্তত ফুলক্ৰুগে সমতা স্থাপনৰ সুযোগ পাইছিল। কিন্তু তেওঁ মেৰিনো হ’ব নোৱাৰিলে। তেওঁৰ হেডাটো পোষ্টৰ বাহিৰলৈ যায়। শেষত ঘৰতে পৰাস্ত হৈ বিদায় লগা হ’ল। খেলখনৰ শেষ মুহূৰ্তত স্পেইনৰ ডেনি কাৰ্ভাজালে ৰঙা কাৰ্ড পায়। তেওঁ দলৰ বাবে কাৰ্ডখন পায়। প্ৰশিক্ষকৰ খং উঠা নাছিল। তেওঁ কাৰ্ভাজালক সাৱটি ধৰিলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd