• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোডীৰ স্বদেশী প্ৰযুক্তিৰ আত্মসমৰ্পন! টুইটাৰক প্ৰত্যাহ্বান জনাবলৈ গৈ বন্ধই হৈ গ’ল ‘Koo’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2024 12:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ দুবছৰমান আগতে তেওঁলোকে ঘোষণা কৰিছিল যে ই টুইটাৰৰ বিকল্প হ’ব। দুবছৰৰ ভিতৰতে তলা লগাবলৈ আগবাঢ়িছে ভাৰতীয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘কু’(Koo)। প্ৰতিষ্ঠাপক অপৰমেয় ৰাধাকৃষ্ণ আৰু মায়ংক বিদাবাটকাই কয় যে অংশীদাৰিত্বৰ সমস্যা, কাৰিকৰী ত্ৰুটি আৰু ধনৰ অভাৱতে অৱশেষত কু বন্ধ কৰিবলগীয়া হৈছে।

‘কু’ৰ যাত্ৰা আৰম্ভ হৈছিল ২০১৯ চনৰ পৰা। ভাৰতৰ টেক-কেপিটেল বাংগালুৰুত মুখ্য কাৰ্যালয়। এতিয়াৰ ‘এক্স’, পূৰ্বৰ টুইটাৰৰ আৰ্হিত বনোৱা ‘কু’ৰ প্ৰতীকটোও আছিল ‘টুইটাৰ’ৰ আৰ্হিতে বনোৱা হালধীয়া কুলি চৰাই। আৰম্ভণিতে অৱশ্যে ‘কু’ৰ ব্যৱহাৰকাৰী বিশেষ বৃদ্ধি হোৱা নাছিল। কিন্তু হঠাৎ ৰাজনীতিৰ সৌজন্যত ইয়াৰ কপাল খোল খালে।

২০২১ চনত তিনিখন কৃষি আইন গৃহীত কৰাৰ পিছতে দেশজুৰি হুলস্থুলৰ সৃষ্টি হ’ল। কৃষকক নূন্যতম সমৰ্থন মূল্য দি কৰ্পৰেট জগতৰ অধীন কৰা হৈছে বুলি আশংকাত হাজাৰ হাজাৰ কৃষকে ৰাজপথলৈ ওলাই আহিল। পঞ্জাৱ, হাৰিয়ানাকে ধৰি উত্তৰ ভাৰতৰ সকলো কৃষক সংগঠনে তীব্ৰ আন্দোলনৰ আহ্বান জনায়। কৃষকৰ দল এটাই দিল্লী-গুৰুগ্ৰাম সীমান্ত দখল কৰি বহে। ট্ৰেক্টৰে-ট্ৰেক্টৰে আহি চৰকাৰৰ বিৰুদ্ধে প্ৰত্যক্ষ সংঘৰ্ষৰ সকীয়নি দিয়ে কৃষক নেতাসকলে।

Apply Now

লগতে পঢ়কঃ ব্ৰিটেইনত লেবাৰ পাৰ্টিৰ নিৰংকুশ জয়; ঋষি সুনকৰ বিদায়, নতুন প্ৰধানমন্ত্ৰী হ’ব কেইৰ ষ্টাৰ্মাৰ

নৰেন্দ্ৰ মোডী চৰকাৰৰ একচ্ছত্ৰী ক্ষমতাৰ আগত অস্থিৰ হৈ পৰা বিৰোধীসকলে মোডী চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ৰাজপথলৈ ওলাই আহে। এনে পৰিস্থিতিৰ মাজতে টুইটাৰে বিজেপি চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হয়। একাধিক টুইটাৰ একাউণ্ট ‘ব্লক’ কৰাৰ নিৰ্দেশ দিয়ে মোডী চৰকাৰে। ইয়াৰ ভিতৰত আছিল একাধিক সংবাদ মাধ্যম, সাংবাদিক আৰু বিৰোধী নেতা।

চৰকাৰে তেওঁলোকে ভুৱা বাতৰি বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰে। টুইটাৰে প্ৰথমে এই নিৰ্দেশনা মানি লৈছিল। কিন্তু কিছুমান একাউণ্ট তেওঁলোকে বন্ধ কৰিবলৈ অস্বীকাৰ কৰে। জেক ডৰ্চিৰ নেতৃত্বত টুইটাৰ প্ৰশাসনে কয় যে যদি এইবোৰ বন্ধ কৰা হয় তেন্তে বাক স্বাধীনতাৰ পৰিসৰ বুলি একো নাথাকিব।

ইয়াৰ পোতক লয় বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে। ভাৰতত থকা সংস্থাটোৰ কৰ্মচাৰীসকলে ভাৰতীয় আইন মানি নচলিলে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়া হয়। এনে পৰিস্থিতিত দলে-বলে বিজেপিৰ নেতাসকলে টুইটাৰ এৰি ‘কু’ৰ দিশে যাত্ৰা আৰম্ভ কৰে। সমৰ্থকসকলকো টুইটাৰ এৰি ‘কু’ত যোগ দিবলৈ আহ্বান জনায়।

লগতে পঢ়কঃ পিছৰ শাৰীত বিশ্বকাপ জয়ী বিন্নী! শ্বাহ, শুক্লাৰ ক্ষমতাৰ ৰাগীত কুন্ঠিত ভাৰতীয় ক্ৰিকেট অনুৰাগী

পীয়ুষ গোৱাল, ৰবি শংকৰ প্ৰসাদৰ দৰে হেভিৱেট নেতাসকলো এই অভিযানত নামি পৰিছিল। তেওঁলোকৰ আহ্বানত শাসকীয় দলৰ সমৰ্থকসকলে দলে দলে কুলৈ যাবলৈ আৰম্ভ কৰে। ক্ৰমান্বয়ে বৃদ্ধি পায় ইউজাৰৰ সংখ্যা। সেই সময়ত দৈনিক কুৰ ইুজাৰ আছিল প্ৰায় ২১ লাখ! কেৱল ৰবিশংকৰ প্ৰসাদৰে ‘ফ’ল’ৱাৰ’ আছিল ২০ লাখ। ভাৰতৰ বাহিৰৰ কিছুমান দেশতো ‘কু’ৱে ব্যৱসায় বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিলে। মোডী চৰকাৰৰ মন্ত্ৰীসকলে ইয়াক সচৰাচৰ কৰাৰ দৰে ‘মেক ইন ইণ্ডিয়া’ত ভাৰতৰ সফলতা বুলি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে।

কিন্তু প্ৰতিষ্ঠাপক অপৰামেয়া আৰু মায়ংকে কয় যে, ‘টুইটাৰ’ক পৰাস্ত কৰাৰ সকলো উপায় থকাৰ পিছতো বজাৰত একোতেই বৰ্তি থাকিব নোৱাৰিলে কু। বহুত চেষ্টা কৰিছিলোঁ। কিন্তু বিনিয়োগ নাহিল।

বাণিজ্যিক আলোচনী ফৰ্বছে কয় যে টুইটাৰৰ সৈতে ‘কু’ৰ বহু মিল আছে। কিন্তু তাৰপিছতো কু হৈ পৰিল মূলতঃ বিজেপি সমৰ্থকৰ বিচৰণভূমি। মুছলমান বিৰোধী ঘৃণামূলক ভাষণ বৃদ্ধি পাইছিল। কু-ৰ প্ৰতিষ্ঠাপকসকলেও মুখত নিৰপেক্ষতাৰ কথা কৈছিল যদিও উগ্ৰ সোঁপন্থী ইউজাৰৰ আগত মূৰ নত কৰিছিল। ফলত নিৰপেক্ষ মঞ্চৰ পৰিৱৰ্তে ‘কু’ বিশেষ ৰাজনৈতিক মতাদৰ্শীকলৰ স্থান হৈ পৰিল।

লগতে পঢ়কঃ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বিদ্যালয়,পথ নিৰ্মাণ কৰি NGT ৰ ৰোষৰ সন্মুখীন অসম চৰকাৰ

বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি ২০২৩ চনৰ এপ্ৰিল মাহত কু-ৱে ইয়াৰ ২৬০ জনীয়া কৰ্মশক্তিৰ ৩০ শতাংশ কৰ্তন কৰিছিল। শীৰ্ষ কৰ্মকৰ্তাসকলে কয় যে বিনিয়োগৰ অভাৱৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। অৱশেষত তেওঁলোকে বন্ধ কৰিয়েই দিব লগা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd