• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শ্ৰমজীৱী পৰিয়ালৰ সন্তান! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ আগবঢ়া কোন এই কেইৰ ষ্টাৰ্মাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2024 2:27 pm
ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰ। ফটোঃ সংগ্ৰহীত।

ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টিয়ে জয়লাভ কৰিছে আৰু শাসকীয় কনজাৰ্ভেটিভ পাৰ্টিৰ পতন ঘটিছে। নিৰ্বাচনৰ ফলাফলত দেখা গৈছে যে প্ৰতিবেদন লিখাৰ সময়লৈকে লেবাৰ পাৰ্টিয়ে ৩৮৬খন আসন লাভ কৰিছে। য’ত চৰকাৰ গঠন কৰিবলৈ ৩২৬ খন আসনৰ প্ৰয়োজন। গতিকে সকলো ঠিকে থাকিলে বাওঁপন্থী লেবাৰ পাৰ্টিৰ নেতা কেইৰ ষ্টাৰ্মাৰ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে।

ইপিনে, বৰ্তমানৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ কনজাৰ্ভেটিভ পাৰ্টিয়ে নিৰ্বাচনত মুখথেকেচা খাইছে আৰু মাত্ৰ ৯৩খন আসনহে লাভ কৰিছে। ইয়াৰ উপৰিও ৫৭খন আসনেৰে তৃতীয় স্থানত আছে লিবাৰেল ডেম’ক্ৰেট পাৰ্টিয়ে। ইয়াৰ উপৰিও স্কটিছ নেচনেল পাৰ্টি আৰু এছ এফে সাতখনকৈ আসন লাভ কৰিছে। আৰু অন্যান্যসকলে লাভ কৰিলে ২৩খন আসন।

লেবাৰ পাৰ্টিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ পথত আগবাঢ়িছে আৰু ষ্টাৰ্মাৰ যুক্তৰাজ্যৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব। গতিকে এতিয়া বিৰোধীৰ এইজন নেতা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ষ্টাৰ্মাৰ কেৱল এজন দক্ষ ৰাজনীতিবিদই নহয়, লেবাৰ পাৰ্টিয়ে বিশ্বাস কৰে যে ১৪ বছৰীয়া কনজাৰ্ভেটিভ শাসনৰ পিছত ব্ৰিটেইনক তেওঁৰ দৰে এজন সুস্থিৰ আৰু নিৰ্ভৰযোগ্য নেতাৰ প্ৰয়োজন।

Apply Now
প্ৰচাৰৰ সময়ত লেবাৰ পাৰ্টিৰ নেতা কেইৰ ষ্টাৰ্মাৰ। ফটোঃ সংগ্ৰহীত।

কোন এই কেইৰ ষ্টাৰ্মাৰ?

১৯৬২ চনত ব্ৰিটেইনৰ ৰাজধানী লণ্ডনত জন্মগ্ৰহণ কৰিছিল কেইৰ ষ্টাৰ্মাৰে। তেওঁ শ্ৰমজীৱী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মাতৃ, এগৰাকী নিষ্ঠাবান এন এইচ এছ নাৰ্ছ। পিতৃ আছিল এজন সঁজুলি নিৰ্মাতা। ষ্টাৰ্মাৰে ৰিগেট গ্ৰামাৰ স্কুলত পঢ়িছিল। তেওঁৰ পৰিয়ালত বিশ্ববিদ্যালয়ত পঢ়াশুনা কৰা তেওঁৱেই প্ৰথমজন সদস্য। ষ্টাৰ্মাৰে লিডছ বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰিছিল।

৬১ বছৰীয়া ষ্টাৰ্মাৰে ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে মানৱ অধিকাৰৰ অধিবক্তা আছিল। যুক্তৰাজ্যত ৰাজহুৱা অভিযোগ বিভাগৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২০ চনৰ এপ্ৰিল মাহত ষ্টাৰ্মাৰে লেবাৰ পাৰ্টিৰ নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰে। জেৰেমি কৰ্বিনৰ পিছত তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে। ষ্টাৰ্মাৰে দায়িত্ব লৈয়ে দলটোক ব্ৰিটেইনৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দুলৈ লৈ আনে। কেইবছৰমানৰ পাছতে নিৰ্বাচনী যুঁজত তেওঁ ইয়াৰ সুফল পালে।

সমৰ্থকৰ দৃষ্টিত ষ্টাৰ্মাৰ এজন বাস্তৱবাদী লোক। বিশ্বাস কৰিব পৰা ৰাজনীতিবিদ। বহু সমালোচকৰ মতে ষ্টাৰ্মাৰ স্মাৰ্টে নহয় বৰঞ্চ এজন কৌশলী ৰাজনীতিবিদ। ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰভাৱ বিস্তাৰ কৰা ষ্টাৰ্মাৰ এজন সুদক্ষ ফুটবলাৰ। ক্লাব ফুটবলত আৰ্চেনালৰ অনুৰাগী। অপৰাধমূলক ন্যায় ব্যৱস্থালৈ আগবঢ়োৱা অৱদানৰ বাবে ষ্টাৰ্মাৰক নাইট পদবী দিয়া হৈছিল।

পত্নী ভিক্টোৰিয়াৰ সৈতে কেইৰ ষ্টাৰ্মাৰ। ফটোঃ সংগ্ৰহীত।

২০০৩ চনৰ পৰা ২০০৮ চনলৈকে পাঁচ বছৰ ধৰি নৰ্দাৰ্ণ আয়াৰলেণ্ড পুলিচিং ব’ৰ্ডৰ আইনী উপদেষ্টা আছিল ষ্টাৰ্মাৰ। ১৯৯৮ চনত গুড ফ্ৰাইডে চুক্তিৰ পিছৰ সময়ছোৱা আছিল অঞ্চলটোৰ ইতিহাসৰ এক জটিল সময়। দশক দশক ধৰি চলি থকা সংঘাতৰ অন্তত শান্তি অনাত এই চুক্তিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

এই সময়তে ষ্টাৰ্মাৰে পত্নী ভিক্টোৰিয়াক লগ পাইছিল। তেওঁ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা (এন এইচ এছ)ত কাম কৰিছিল। ২০০৭ চনত বিবাহপাশত আবদ্ধ হোৱা এই দম্পতীৰ  দুটা সন্তান আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd