NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাই বঢ়াইছে চিন্তা, ছিডনীৰ বিপৰীতে এইখন ষ্টেডিয়ামত হ’ব পাৰে ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2020 2:44 pm

অষ্ট্ৰেলিয়াৰ ছিডনীত শেহতীয়াভাৱে দেখা দিয়া ক’ৰ’না ভাইৰাছৰ নতুন সংক্ৰমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ’বলগীয়া তৃতীয়খন টেষ্ট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক প্ৰশ্ন চিহ্নই দেখা দিছে।

অৱশ্যে, ক্ৰিকেট অষ্ট্ৰেলিয়াই ইয়াৰ বাবে আন এটা বিকল্পও প্ৰস্তুত কৰিছে বুলি জানিবলৈ দিয়ে।

বৃহস্পতিবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে ছিডনীত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে যদিও আমি মূল কাৰ্য্যসূচী অনুসৰিয়েই তৃতীয় টেষ্ট অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা চলাই আছে।

কিন্তু পৰিস্থিতি উন্নত নহ’লে, মেলবৰ্ণক তৃতীয় টেষ্টৰ বিকল্প হিচাপে ৰখা হৈছে।

ছিডনীৰ উত্তৰ তীৰত নতুনকৈ ক’ৰ’না সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পিছত ৭ জানুৱাৰিৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় টেষ্টক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে।

মেলবৰ্ণত ২৬ ডিচেম্বৰৰ পৰা বক্সিং ডে টেষ্ট আৰম্ভ হ’ব আৰু লগতে তৃতীয়খন টেষ্টৰ বাবেও বিকল্প হিচাপে ৰখা হৈছে।

‘আমি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডক তৃতীয় আৰু গাবাক চতুৰ্থ টেষ্ট অনুষ্ঠিত কৰাৰ সম্পূৰ্ণ সুযোগ দিম’, ক্ৰিকেট অষ্ট্ৰেলিয়াই এক বিবৃতিত কয়।

বিবৃতিটোত লগতে কোৱা হয়, ‘যদি ছিডনীত পৰিস্থিতি উন্নত নহয়, জৰুৰীকালীন পৰিকল্পনাৰ অধীনত, আমি ভিক্টোৰিয়া চৰকাৰৰ সহযোগত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডতে তৃতীয়খন টেষ্ট আয়োজন কৰিম আৰু চতুৰ্থ টেষ্ট ব্ৰিছবেনত অনুষ্ঠিত হ’ব। অৱশ্যে, চূড়ান্ত সিদ্ধান্তটো বক্সিং ডে টেষ্টৰ সময়ত লোৱা হ’ব’।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ আভ্যন্তৰীণ মুখ্য কাৰ্যবাহী নিক হকলে কয় যে বৃহস্পতিবাৰে কয় যে মেলবৰ্ণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত একেৰাহে দুখন টেষ্ট অনুষ্ঠিত কৰিবলৈ সাজু কিন্তু তেওঁ নতুন বছৰত পৰম্পৰাগতভাৱে চলি অহা ছিডনীতেই টেষ্টখন অনুষ্ঠিত হোৱাতো বিচাৰে।