NORTHEAST NOW (Assamese)
অসম

পবিত্ৰ ৰাভালৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা, ২০২০

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2020 4:08 pm
Pratima-Baruah-Pandey-750x430

বিশিষ্ট অভিনেতা-পৰিচালক পবিত্ৰ ৰাভালৈ আগবটোৱা হৈছে ২০২০ বৰ্ষৰ প্ৰতিমা পাণ্ডে বঁটা।

গোৱালপৰীয়া লোক সংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ সোঁৱৰণত প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিমা পাণ্ডে বঁটা প্ৰদান কৰি আহিছে যদিও বিগত বৰ্ষত ‘কা’ আন্দোলনৰ বাবে এই বঁটা প্ৰাদান কৰা হোৱা নাছিল।

চলিত বৰ্ষত এই বঁটাৰ বাবে পৰিচালক-অভিনেতা পবিত্ৰ ৰাভাক নিৰ্বাচিত কৰা হৈছে বুলি সদৌ অসম ছাত্ৰ সন্থাৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

অহা ২৭ ডিচেম্বৰত গুৱাহাটীৰ চান্দমাৰীত থকা প্ৰতিমা পাণ্ডেৰ প্ৰতিমূৰ্তিৰ কাষত অনুষ্ঠিত হ’বলগীয়া বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।

উল্লেখ্য টংলা ৰিজিঅ’নেল ষ্টুডেণ্ট ইউনিয়নৰ প্ৰাক্তন সাধাৰণ সম্পাদক পবিত্ৰ ৰাভাই নাটকৰ শিক্ষা গ্ৰহণ কৰাৰ পিছতে নিৰন্তৰ ভাবে নাট্য আন্দোলনৰ সৈতে জৰিত হৈ আছে।

তেওঁ কেইবাখনো অসমীয়া ছবিতো অভিনয় কৰিছে।

প্ৰচাৰ বিমুখ এইগৰাকী পৰিচালক-অভিনেতাক আছুৱে সন্মানিত কৰিবলৈ লোৱা সিদ্ধান্তক বহুতে আদৰণি জনাইছে।