NORTHEAST NOW (Assamese)
অসম

পুৰুষতকৈ মহিলাৰ তেজ অধিক প্ৰিয় মহৰ! কি কয় গৱেষণাই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 25, 2020 11:41 am
Mosquito bite women

মহৰ কামোৰৰ পৰা হাত সাৰিব পৰা মানুহ কিম্বা মহৰ কামোৰ খোৱা নাই এনে মানুহ পাবলৈ নাই। মহৰ কামোৰৰ পোৰণি কম-বেছি পৰিমানে সকলোকে সহ্য কৰিব লগীয়া হৈছে।

জানিব পৰা যায় যে মতা মহে মানুহক নাকামোৰে। সিঁহতৰ খাদ্য হৈছে উদ্ভিদৰ ৰস। কিন্তু মাইকী মহে তেজ বিচাৰে।

কিন্তু শেহতীয়া গৱেষণাই কৈছে যে পুৰুষৰ তুলনাত মহিলাৰ তেজহৈ অধিক পছন্দ কৰে এই মাইকী মহবোৰে।

গৱেষকসকলে গৱেষণাত লাভ কৰা তথ্য অনুসৰি, এন’ফিলিপছকে ধৰি আন সকলো মাইকী মহে মহিলাৰ তেজৰ প্ৰতি অধিক আকৰ্ষিত হয়।

ইয়াৰ কাৰণ হৈছে নাৰীসকলৰ ঘামৰ সৈতে অধিক কিছু ধৰণৰ এমিন’ এচিড অধিক পৰিমানে নি:সৰণ ঘটে। এই এমিন’ এচিড অধিক হোৱাৰ বাবেই নাৰীৰ শৰীৰলৈ মহক টানি আনে।

তদুপৰি, মহিলাৰ শৰীৰত থকা এবিধ বিশেষ ধৰণৰ হৰম’ন ঘামৰ সৈতে নি:সৃত হয় যিটোৱে মহবোৰক আকৰ্ষিত কৰে।

ইয়াৰ বাবেই মহিলাসকলে মহৰ অধিক কামোৰ খাবলগীয়া হয়। মহিলাৰ প্ৰতি মহৰ এনে আকৰ্ষণ সঁচাকৈয়ে আচৰিত।