NORTHEAST NOW (Assamese)
অসম

ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষ্যে টীয়কত ৰক্তদান শিবিৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 25, 2020 4:52 pm
Screenshot_202

বেচৰকাৰী সংস্থা সুৱাসৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত আজি ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি টীয়কৰ বৰা বজাৰত এক ৰক্তদান শিবিৰ আয়োজন কৰা হয়।

শিবিৰটোত প্ৰায় ১৫০ৰো অধিক লোকে স্বইচ্ছাই ৰক্তদান কৰে বুলি মন্তব্য কৰে সুৱাসৰ সম্পাদক বিশ্বজিত বৰুৱাই।

বিশেষকৈ কভিডৰ এই সময়ছোৱাত ৰোগীসকলে ৰক্তৰ অভাৱত যি অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ এই পবিত্ৰ দিনটোত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাই।

উক্ত শিবিৰত টীয়কৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি,দল সংগঠনৰ লগতে যুৱনেতা শান্তনু দত্ত উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।