NORTHEAST NOW (Assamese)
অসম

আৰক্ষী থানাৰ ওচৰতে মৃতদেহ, উদ্ধাৰ কৰিবলৈ নাহিল আৰক্ষী

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ December 28, 2020 8:02 pm

এতিয়া মানুহৰ মৃত্যু সাধাৰণ ঘটনালৈ পৰিণত হৈছে। তেনে এক ঘটনাই আজি মাৰ্ঘেৰিটা সংঘটিত হ’ল।

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ পৰা প্ৰায় ৫০০ মিটাৰ আঁতৰতে মৃতদেহ উদ্ধাৰৰ পাছত মাৰ্ঘেৰিটা আৰক্ষীক বাৰম্বাৰ খবৰ দিয়াৰ পাছতো মৃতদেহ উদ্ধাৰ কৰিবলৈ নাহিল মাৰ্ঘেৰিটা আৰক্ষী।

অৱশেষত কেইবাঘণ্টা অপেক্ষাৰ অন্তত পৱিত্ৰ বৰুৱা(৩৫) নামৰ যুৱকজনৰ মৃতদেহ মাৰ্ঘেৰিটা গৰুমৰা জানৰ পৰা স্থানীয় ৰাইজ তথা আত্মীয়লোকে উদ্ধাৰ কৰি ঠেলাত কঢ়িয়াই আনিব লগা হ’ল।

উল্লেখ্য যে দুদিন ধৰি সন্ধানহীন হৈ আছিল পৱিত্ৰ। সন্ধানহীন সম্পৰ্কে মাৰ্ঘেৰিটা আৰক্ষীক খবৰ দিয়া হৈছিল যদিও চূড়ান্ত দায়িত্ব জ্ঞানহীনতাৰ পৰিচয় দিয়ে মাৰ্ঘেৰিটা আৰক্ষীয়ে।

দুদিনে সন্ধানহীন পৱিত্ৰৰ অনুসন্ধানটো দূৰৰে কথা দুদিন পাছত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতো আৰক্ষী উপস্থিত নহ’ল ঘটনাস্থলীত।

আজি পুৱা স্থানীয় ৰাইজে মাৰ্ঘেৰিটা গৰু মৰাজানত মূৰত আঘাতৰ চিহ্ন স্পষ্ট থকা যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি মাৰ্ঘেৰিটা আৰক্ষীক বাৰম্বাৰ খবৰ দিয়াৰ পাছতো ঘটনাস্থলীত উপস্থিত নোহোৱাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে।

আনহাতে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈয়ে অতি ক্ষোভেৰে কয় যে এইয়া এক মানৱ অধিকাৰ খৰ্বৰ ঘটনা। ইয়াৰ বিৰুদ্ধে এক তদন্ত হ’ব লাগে।

পৱিত্ৰৰ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ‌ পেলোৱাৰ লগতে আৰক্ষীৰ এনে চূড়ান্ত অকৰ্ম্যণতাৰ বিৰুদ্ধে ৰাইজ ক্ষুণ্ণ হৈ পৰাৰ লগতে আৰক্ষীৰ এনে কাৰ্য্যক ধিকাৰ দিছে।