NORTHEAST NOW (Assamese)
অসম

চিবিএছচিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ দিন ঘোষণা; চাওক গুৰুত্বপূৰ্ণ দিনসমূহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 31, 2020 7:37 pm
CBSC Exam

বছৰটোৰ অন্তিম দিনটোত পৰীক্ষাৰ দিন ঘোষণা কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে।

তেওঁ জানিবলৈ দিয়ে যে অহা ৪মে’ৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হ’ব। এই পৰীক্ষা ১০ জুনলৈকে চলিব।

আনহাতে, ১৫ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ ব্যৱহাৰিক পৰীক্ষা ১মাৰ্চৰ পৰা আৰম্ভ হ’ব।

প্ৰতিবছৰে চিবিএছচিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ডৰ পৰীক্ষাৰ জানুৱাৰি মাহত ব্যৱহাৰিক(প্ৰেক্টিকেল) আৰু ফেব্ৰুৱাৰিৰ পৰা মাৰ্চৰ ভিতৰত তাত্ত্বিক (থিওৰিটিকেল) পৰীক্ষা অনুষ্ঠিত কৰা হয়।

পোখৰিয়ালে জানিবলৈ দিয়ে যে পৰিস্থিতিৰ পৰ্যালোচনা কৰি তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি পৰীক্ষাৰ দিন ঠিক কৰা হৈছে।

ইপিনে, পৰীক্ষাৰ দিন ধাৰ্য নোহোৱাৰ বাবে পৰীক্ষাৰ্থীসকলক প্ৰস্তুত কৰাৰ বাবে বহুতো স্কুলত ইতিমধ্যে প্ৰি-বোৰ্ড পৰীক্ষা লোৱা হৈছে।

চলিত মাহৰ আৰম্ভণিতেই চিবিএছচি বোৰ্ডৰ তৰফৰ পৰা জনাই দিয়া হৈছিল যে বোৰ্ড পৰীক্ষাসমূহ অনলাইন নহয়, লিখিত হিচাপেই অনুষ্ঠিত হ’ব।

উল্লেখ্য যে কৰ’না পৰিস্থিতিৰ বাবেই এইবাৰ যোৱা মাৰ্চ মাহৰ পৰাই বিদ্যালয়সমূহ বন্ধ আছে আৰু সেইদৰে পৰীক্ষাসমূহো পিছুৱাই গৈছে।