NORTHEAST NOW (Assamese)
অসম

সুখবৰ! দেশত প্ৰথমবাৰৰ বাবে কোভিড ভেকচিনৰ জৰুৰী প্ৰয়োগত অনুমোদন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 1, 2021 6:17 pm
aa download

নতুন বছৰৰ প্ৰথমটো দিনতে দেশবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে ছেৰাম ইনষ্টিটিউটে।ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে আজি প্ৰথম বাৰৰ বাবে ভাৰতত কোভিডৰ ভেকচিন কোভিশ্বিল্ডৰ জৰুৰী প্ৰয়োগত অনুমোদন প্ৰদান কৰে।উল্লেখ্য কিছুদিন পূৰ্বে

দেশৰ ছেৰাম ইনষ্টিটিউটে এইবাৰ কৰ’না ভেকচিনৰ জৰুৰী প্ৰয়োগৰ বাবে আবেদন জনাইছিল। ছেৰামে ডিজিচিআইৰ পৰা এই ভেকচিন প্ৰয়োগৰ অনুমতি বিচাৰিছিল।

সংস্থাটোৰ মুৰব্বীয়ে জানিবলৈ দিছিল যে তেওঁলোকে জৰুৰীভিত্তিত ভেকচিন প্ৰয়োগৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আবেদন জনাইছে।

যোৱা বছৰৰ ডিচেম্বৰ মাহৰ আৰম্ভণিতে পুনিওৱালাই জনাইছিল যে তেওঁলোকে ভাৰতত যাতে আগেয়ে ভেকচিনৰ যোগান ধৰা সম্ভৱ হয় সেয়া চেষ্টা কৰিব। সংস্থাটোৱে প্ৰথমতে নিজৰ দেশত ভেকচিন দি পাছত আন দেশলৈ প্ৰেৰণ কৰিব বিচাৰিছে।

ছেৰামে জানিবলৈ দিয়ে মতে ভেকচিনকলৈ শংকিত হোৱাৰ প্ৰয়োজন নাই আৰু সকলো দিশ বিবেচনা কৰিয়েই ইয়াক প্ৰস্তুত কৰা হৈছে।

ইপিনে, জানুৱাৰী মাহৰ আৰম্ভণিতেই যদি অক্সফোৰ্ড ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল পজিটিভ হয় তেতিয়া ভেকচিন বজাৰত উলিয়াই দিয়া হ’ব বুলি ছেৰামৰ তৰফৰ পৰা কোৱা হৈছিল।।

আষ্ট্ৰাজেনেকাই জানিবলৈ দিছে যে অক্সফোৰ্ডৰ কোভিশ্বিল্ড মানৱ শৰীৰত ৯০শতাংশ কাৰ্যকৰী প্ৰমাণিত হৈছে।