NORTHEAST NOW (Assamese)
অসম

চীনৰ লোকসকলে কিয় পাকিস্তানী নাৰীৰ সৈতে হুৰাহুৰে বিয়া পাতিছে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 2, 2021 2:36 pm
collected photo

চীনৰ লোকসকলে বিয়াৰ ক্ষেত্ৰত পছন্দৰ আটাইতকৈ শীৰ্ষত ৰাখিছে পাকিস্তানী নাৰীক।

পাকিস্তানৰ লাহোৰ, ৰাৱালপিণ্ডি, গুজৰানোৱালা, মাণ্ডি বাহাউদ্দিন তথা ফইছলাবাদৰ নাৰীসকলৰ সৈতে চীনৰ নাগৰিকে অধিক বিয়া পাতিছে।

পাকিস্তানৰ নাৰীৰ প্ৰতি চীনা পুৰুষৰ এই আগ্ৰহৰ কাৰণ কি?

বাতৰি অনুসৰি, চীনৰ বিবাহযোগ্য পুৰুষসকলৰ বিয়াৰ বাবে পাকিস্তানী যুৱতী বিচৰাৰ অন্যতম কাৰণ হৈছে দেশখনৰ জনসংখ্যা ক্ষেত্ৰত দেখা দিয়া ক্ৰমহাসমান পৰিস্থিতি।

তদুপৰি, পাকিস্তানৰ বহুকেইটা স্থানত ব্যাপক দৰিদ্ৰ জনগোষ্ঠীয়ে তেওঁলোকৰ অভাৱগ্ৰস্ততাৰ পৰা পৰিত্ৰাণ বিচাৰিছে।

এই পাকিস্তানী নাৰীসকলৰ বেছিভাগেই সংখ্যালঘু সম্প্ৰদায়ৰ। বিয়াৰ বাবে চীনৰ পুৰুষসকলৰ পক্ষৰ পৰা বহুক্ষেত্ৰত এইসকল নাৰীক প্ৰলোভন দিয়া হয়।

চীনৰ এক সন্তান নীতিৰ বাবে দেশখনে সম্প্ৰতি বহু ভূগিবলগীয়া হৈছে। সেইদৰে পুত্ৰ সন্তানৰ অগ্ৰাধিকাৰ পোৱাৰ বাবে যি লিংগ পাৰ্থক্য গঢ়ি উঠিছিল সেয়া এতিয়াও ৰৈ গৈছে। অৱশ্যে, সেই নীতি এতিয়া বাতিল হৈছে।

বিগত ডিচেম্বৰৰ পৰিসংখ্যা অনুসৰি, চীনত বিবাহযোগ্য পুৰুষৰ সংখ্যা বিবাহযোগ্যা নাৰীৰ তুলনাত তিনি কোটিতকৈয়ো অধিক।

ইপিনে, নিজৰ দৰিদ্ৰতাৰ পৰা আঁতৰি আহি এটা স্বচ্ছল জীৱন পোৱাৰ আশাত পাকিস্তানৰ যুৱতীসকলেও আন দেশত বিয়া হৈছে।

দেশ দুখনৰ মাজত সম্পৰ্ক ভাল হোৱাৰ বাবে ইখনে-সিখনক সহায়ো কৰিছে। সমান্তৰালভাৱে পাকিস্তানী নাৰীৰ সৈতে চীনৰ পুৰুষৰ বিয়াৰ সংখ্যাও ক্ৰমে বৃদ্ধি পাবলৈ লৈছে।