NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত মেধাৱী ছাত্ৰীৰ মাজত স্কুটি বিতৰণ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী January 3, 2021 2:37 pm
a ciga

অসম চৰকাৰৰ প্ৰঞ্জান ভাৰতী আঁচনিৰ আধাৰত ” ড: বাণীকান্ত কাকতি বঁটা” হিচাপে  কোকৰাঝাৰৰ মেধাৱী ছাত্ৰী সকলক বিতৰণ কৰা হয়  স্কুটি।

জিলাখনৰৰ অন্তৰ্গত মুঠ ২৭৯ মেধাৱী ছাত্ৰীলৈ হিৰো প্লেজাৰ প্লাছ ৰঙা স্কুটি বিতৰণ কৰা  এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে  বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে।

কোকৰাঝাৰ জিলাৰ উপায়ুক্ত ভাষ্কৰ ফুকন, বি টি আৰৰ শিক্ষা বিভাগৰ সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মা আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া সকলে অংশগ্ৰহণ কৰা অনুষ্ঠানত উপস্থিত থাকি মুখ্য অতিথি প্ৰমোদ বড়োই মেধাৱী ছাত্ৰী সকলক উদ্দেশ্যি প্ৰেৰণাদায়ক ভাষণ দাঙি ধৰে।

সাংবাদিক সকলৰ আগত বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে  কয় যে সদ্য ঘোষিত এ পি এ চিত উত্তীৰ্ণ হোৱা চৰণ নাৰ্জাৰীয়ে অধ্যয়ন কৰা ৰাণীপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকীকৰৰণ কৰা হব ।

তেওঁ লগতে কয় যে   অতি সোনকালে উক্ত  বিদ্যালয় খন পৰিদৰ্শন কৰা হব।