NORTHEAST NOW (Assamese)
অসম

অসমত উপস্থিত বিশ্বৰ প্ৰথমখন হস্পিটেল ৰে’ল ‘লাইফলাইন এক্সপ্ৰেছ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2021 5:03 pm

বিশ্বৰ প্ৰথমখন আৰু ভাৰতৰ একমাত্ৰ হস্পিটেল ৰে’ল ‘লাইফলাইন এক্সপ্ৰেছ’ বৰ্তমান অসমত আছে।

অসমৰ বদৰপুৰত বৰ্তমান ‘লাইফলাইন এক্সপ্ৰেছ’ নামৰ হস্পিটেল ৰে’লখনে বাহৰ পাতি আছে।

ভাৰতীয় ৰে’ল মন্ত্ৰ্যালয়ে অলপতে টুইটাৰযোগে হস্পিটেল ৰে’লখনৰ কেইখনমান আলোকচিত্ৰ প্ৰকাশ কৰে।

লাইফলাইন এক্সপ্ৰেছত বিশ্বৰ উন্নত প্ৰযুক্তিৰ চিকিৎসা ব্যৱস্থা সমূহ সংযুক্ত হৈ আছে।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰোগী সকলক লাইফলাইন এক্সপ্ৰেছত বিনামূলীয়াভাৱে চিকিৎসা প্ৰদান কৰা হয়।

মূলত যিসকল লোক আৰ্থিকভাৱে পিছপৰা আৰু দুৰ্গম অঞ্চলৰ পৰা অহা তেওঁলোকক চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হয়।

বিশ্বৰ প্ৰথমখন হস্পিটেল ৰে’ল লাইফলাইন এক্সপ্ৰেছত চিকিৎসকৰ এটা দল সদায় ৰোগী সকলৰ সহায়ৰ বাবে সাজু হৈ থাকে।

ইতিমধ্যে এই চিকিৎসকৰ দলে দেশৰ বিভিন্ন প্ৰান্তত বহুসংখ্যক ৰোগীক চিকিৎসা প্ৰদান কৰি আহিছে।