NORTHEAST NOW (Assamese)
অসম

বগামাটিলৈ বনভোজ খাবলৈ অহা গাড়ীৰ খুন্দাত ১৩ বছৰীয়া ছাত্রৰ কৰুণ মৃত্যু

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক January 4, 2021 8:12 pm

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত অমৰ চ’কত আজি দিনৰ ভাগত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত অৰ্জুন দৰ্জী নামৰ এগৰাকী তেৰ বছৰীয়া ছাত্ৰই কৰুণ মৃত্যুক সাৱটি লয়। নিহত অৰ্জুন চেত্ৰী ভোলাঝাৰ এম ই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ।

আজি বৰমাৰ পৰা তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি পথেৰে ভূটান সীমান্তৰ বগামাটিলৈ এ এছ ১৪ ই ৮২২০ নম্বৰৰ এখন এল্ট’ গাড়ীৰে বনভোজ খাবলৈ গৈ আছিল কেইজনমান যাত্ৰী।

সেই সময়তে বাঙালীপাৰাৰ পৰা অৰ্জুন দৰ্জীয়ে অমৰ চ’কলৈ চাইকেলেৰে গৈ আছিল। চ’ক পোৱাত গাড়ীখনৰে সৈতে অৰ্জুনৰ মুখামুখি সংঘৰ্ষ হয়।

ফলত ঘটনাস্থলতে শেষ নিশ্বাস ত্যাগ কৰে অৰ্জুনে। অৱশ্যে তেওঁক তামুলপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ অনা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

দুৰ্ঘটনা সংঘটিত কৰা বাহনখন আৰক্ষীয়ে জব্দ কৰিছে।