NORTHEAST NOW (Assamese)
অসম

অষ্ট্ৰেলিয়াত সমস্যাই লগ এৰা নাই ভাৰতৰ, এইবাৰ দলৰ পৰা বাহিৰ হ’ল কে এল ৰাহুল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 5, 2021 11:12 am

আঘাতৰ সমস্যাই লগ এৰা নাই ভাৰতীয় ক্ৰিকেট দলক। ইজনৰ পিছত সিজনকৈ অভিজ্ঞ ক্ৰিকেটাৰৰ পিছত এইবাৰ বেটছমেন কে এল ৰাহুলো আঘাতৰ বাবে দলৰ পৰা বাহিৰ হয়।

জানিব পৰা মতে, যোৱা শনিবাৰে মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুশীলন চলাই থকাৰ সময়ত ৰাহুলে মণিবন্ধনত আঘাত পাইছিল।

আঘাত গুৰুতৰ হোৱা বাবে তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাকী থকা দুখন টেষ্টৰ পৰা বাহিৰ হ’বলগীয়া হয়।

নেটত বেটিং কৰি থাকোতে বাওঁহাতৰ মণিবন্ধনত আঘাত পাইছিল ৰাহুলে।

বিচিচিআইৰ তৰফৰ পৰা প্ৰকাশ কৰা বিজ্ঞপ্তিত কোৱা হয়, ‘ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফিৰ বাকী দুখন টেষ্টৰ বাবে উপলব্ধ নহ’ব উইকেটকীপাৰ বেটছমেনজন। আঘাতৰ পৰা সম্পূৰ্ণ আৰোগ্য হ’বলৈ তেওঁক তিনি সপ্তাহৰ প্ৰয়োজন’।

উল্লেখ্য যে আঘাতৰ সমস্যাৰ বাবে ভাৰতে ইতিমধ্যে বেগী বলাৰ মহম্মদ ছামী, উমেশ যাদৱক এই শৃংখলাৰ পৰা হেৰুৱাইছে।

ইফালে ঈশান্ত শৰ্মাইও আই পি এলত পোৱা আঘাতৰ বাবে শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অংশ ল’ব নোৱাৰিলে।

অৱশ্যে অভিজ্ঞ বেটছমেন ৰোহিত শৰ্মাই কিছুদিন পূৰ্বে ভাৰতীয় দলৰ সৈতে যোগ দিছে আৰু ইয়ে কিছু পৰিমানে ভাৰতীয় দলৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিব।

বিচিচিআইয়ে জনোৱা অনুসৰি ৰাহুলে এতিয়া ভাৰতলৈ উভতি আহি বেংগালুৰুস্থিত নেশ্যনেল ক্ৰিকেট একাডেমিত আঘাতৰ ওপৰত কাম কৰিব।