NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

মৰুৰ চহৰত ভয়ংকৰ বান : ১৮ জনৰ মৃত্যু নিশ্চিত ওমানত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী April 18, 2024 3:05 pm

ওমানত সংঘটিত হৈছে ভয়ংকৰ বান ঘটনা। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বানত এতিয়ালৈকে ১৮ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে। আন বহু লোক নিৰুদ্দেশ হৈ আছে। ইয়াৰ উপৰিও বহুতকে আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। 

ওমানৰ সমান্তৰালকৈ ডুবাইতো বানৰ বাবে জনজীৱন ব্যাহত হৈছে।

সোমবাৰৰ পৰা ওমানৰ আদম আৰু উত্তৰ আল শ্বাৰকিয়াত ধাৰাসাৰ বৰষুণ আৰম্ভ হয়। ধাৰাবাহিক বৰষুণে সৃষ্টি কৰা বানে কেইবাখনো গাড়ী উটুৱাই লৈ যায়। 

জানিব পৰা মতে মৃত্যু হোৱা ১৮ গৰাকী লোকৰ ভিতৰত ৯ গৰাকী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

ওমানৰ নেশ্যনেল কমিটী ফৰ ইমাৰ্জেন্সি মেনেজমেণ্টে জনোৱা মতে, বানপানীয়ে বুৰাই পেলোৱা বহু নাগৰিকক উদ্ধাৰ কৰা হৈছে। এই বানৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ওমানৰ উত্তৰ শ্বাৰকিয়া।

আনহাতে, মধ্যপ্ৰাচ্যৰ আন এখন দেশ সংযুক্ত আৰব আমিৰশ্বাহীত মঙলবাৰে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ডুবাইৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ ডুব গৈ যাতায়ত ব্যাহত হৈ পৰে। আনকি প্ৰচণ্ড বৃষ্টিপাতৰ বাবে একাধিক বিমান বাতিল কৰিবলগীয়া হয়।  

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ডুবাইৰ কেইবাটাও কোম্পানীয়ে কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰাৰ সুযোগ দিছে। লগতে বিদ্যালয়সমূহেও অনলাইনযোগে পাঠদান চলাই আছে। পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ডুবাইৰ ভৌগোলিক অৱস্থান অনুসৰি বছৰি প্ৰায় ১০০ মিলিমিটাৰ বৰষুণ হয়। কিন্তু যোৱা ২৪ ঘণ্টাত ৮০ মিলিমিটাৰ বৰষুণ হৈছে। ইয়াৰ উপৰিও বতৰ বিজ্ঞান বিভাগে জনাইছে যে ডুবাই, আবুধাবি আৰু শ্বাৰজাহত প্ৰবল বৰষুণ আৰু ধুমুহা হ’ব পাৰে। সেয়ে সকলোকে সাৱধান হ’বলৈ সতৰ্কবাণী জাৰি কৰিছে প্ৰশাসনে।