NORTHEAST NOW (Assamese)
অসম

নাচিকত বিদ্যালয় খোলাৰ পূৰ্বে ৬৫ গৰাকী শিক্ষক কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 5, 2021 6:23 pm

মহাৰাষ্ট্ৰৰ নাচিকত বিদ্যালয় খোলাৰ পূৰ্বে ৬৫ গৰাকী শিক্ষক আৰু ১০ গৰাকী অন্যান্য কৰ্মচাৰী কোভিড প’জিটিভ হোৱাৰ বাতৰি লাভ কৰা গৈছে।

নাচিকৰ স্বাস্থ্য বিভাগে বিদ্যালয় সমূহ পুনৰ খোলাৰ পূৰ্বে ৭০৬৩ গৰাকী শিক্ষক আৰু ২৫০০ গৰাকী অন্যান্য কৰ্মচাৰীৰ আৰটি-পিচিআৰ পৰীক্ষা সম্পন্ন কৰে।

নাচিকত নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান সোমবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে।

কোভিড-১৯ মহামাৰীৰ বাবে বিগত ৯ মাহৰ অধিক সময় নাচিকত বিদ্যালয় সমূহ বন্ধ হৈ আছিল।

নাচিকত মুঠ ১৩২৪ খন বিদ্যালয় আছে আৰু ইয়াৰে ভিতৰত ৮৪৬ খন বিদ্যালয়ত নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান পুনৰ আৰম্ভ হৈছে।

সোমবাৰৰ দিনটোত মুঠ ১,২১,৫৭৯ গৰাকী ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত উপস্থিত হৈছে। বহু সংখ্যক অভিভাৱকে কোভিডৰ সংক্ৰমণৰ ভয়ত নিজৰ সন্তানক বিদ্যালয়লৈ এতিয়াও শংকামুক্ত হৈ পঠিয়াবলৈ ইচ্ছা প্ৰকাশ কৰা নায়।

কৰ্তৃপক্ষই জাৰি কৰা জাননী অনুসৰি নাচিকত প্ৰতিদিনে ৫০-৫০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ আহিব।

আনহাতে, বিদ্যালয় সমূহত উষ্ণতা জোখাৰ লগতে, চেনিটাইজেশ্যনকে আদি কৰি কোভিড প্ৰট’কল সমূহ কঠোৰভাৱে পালন কৰা হৈছে।