NORTHEAST NOW (Assamese)
অসম

মৰিগাঁও আৰক্ষীৰ অভিযান : জাগীৰোডত গ্ৰেপ্তাৰ নকল গঁড়ৰ খৰ্গৰ ব্যৱসায়ী

Posted by: চানু গগৈ Updated by: চানু গগৈ January 5, 2021 8:18 pm
index.jpgn

মৰিগাঁও আৰক্ষীয়ে এক অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এজন নকল গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰী।

অৱশ্যে অন্য এজন গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰী পলায়ন কৰিবলৈ সক্ষম হয়।

মৰিগাঁও আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড° নন্দসিং বৰকলাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি বৃহৎ দলে যোৱা নিশা জাগীৰোডৰ ৰে’লৱে প্লেটফৰ্মৰ পৰা বিশ্বজিৎ দাস নামৰ এজন দুধৰ্ষ গড়খৰ্গ ব্যৱসায়ীক আটক কৰিবলৈ কৰে।

ইয়াৰে আনজন ছাইফুল ইছলাম নামৰ নকল গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰীজন পলাই সাৰে।

ঘটনাৰ সন্দৰ্ভভ সংবাদ মাধ্যমৰ আগত জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আজি কিছুদিনৰ পৰা ৪/৫ জনীয়া এটি গঁড়ৰ খৰ্গ ব্যৱসায়ত জড়িত লোকে এবিধ বিশেষ ৰাসায়নিক পদাৰ্থৰে খৰ্গ নিৰ্মাণ কৰি ৰাজ্যখনৰ লগতে, চুবুৰীয়া ৰাজ্যসমূহলৈ ২০-২৫ লাখ টকাত গোপনে সৰবৰাহ তথা বিক্ৰী কৰি আহিছে।

তেনে ক্ষেত্ৰতে এক গোপন সূত্ৰৰ পমখেদি সোমাৰে নিশা মৰিগাঁও আৰক্ষীৰ এটি বৃহৎ দলে অতৰ্কিত চলোৱা অভিযানত নকল গড়ৰ খৰ্গ চোৰাং ব্যৱসায়ী সৈতে জড়িত এজনক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।