NORTHEAST NOW (Assamese)
অসম

দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰা ১০০ বছৰ পুৰণি হিন্দু মন্দিৰ পুনৰ নিৰ্মাণৰ নিৰ্দেশ পাকিস্তান উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2021 11:40 am

পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে দেশখনৰ খাইবাৰ পাখটুনখাৱা অঞ্চলত হিন্দুৰ মন্দিৰ ধ্বংস কৰা ঘটনাক গৰিহনা দিয়াৰ লগতে এনেধৰণৰ ঘটনাই আন্তঃৰাষ্ট্ৰীয় স্তৰত পাকিস্তানক লজ্জিত কৰিছে বুলি উল্লেখ কৰে।

খাইবাৰ পাখটুনখাৱাৰ এটা ১০০ বছৰ পুৰণি হিন্দু মন্দিৰ ধ্বংস কৰাক কেন্দ্ৰ কৰি পাকিস্তানৰ লগতে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ঘটনা সন্দৰ্ভত পাকিস্তান উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি দেশখনৰ ইভাকুৱী-প্ৰপাৰ্টি ষ্টাষ্ট বোৰ্ডক পুনৰ মন্দিৰটো নিৰ্মাণ কৰি দিবলৈ কঠোৰ নিৰ্দেশ দিয়ে।

খাইবাৰ পাখটুনখাৱাৰ আৰক্ষীয়ে ইতিমধ্যে উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত শতাধিক লোকক গ্ৰেপ্তাৰ কৰিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, পাকিস্তানত প্ৰায় হিন্দুৰ মন্দিৰ সমূহত দুৰ্বৃত্তই আক্ৰমণ সংঘটিত কৰি আহিছে।

১০০ বছৰ পুৰণি মন্দিৰটো দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰাৰ পাছত ভাৰতত থকা হিন্দু ধৰ্মৰ লোক সকলেও পাকিস্তানৰ হিন্দু ধৰ্মালম্বী লোক সকলৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি পাকিস্তান চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।