NORTHEAST NOW (Assamese)
অসম

মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2021 12:59 pm

আজি সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ উপস্থিতিত যোগ দিয়ে।

উল্লেখ্য যে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে চলা আন্দোলনৰ অন্যতম গুৰি ধৰোতা আছিল অৰুণজ্যোতি মৰাণ।

বিজেপিত যোগ দিয়া মৰাণে ডিগবৈ সমষ্টিত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চিত হৈছে।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পিছতে ৰাজ্যত আৰম্ভ হোৱা ব্যাপক গণ আন্দোলনৰ নেতৃত্ব বহন কৰা কেইবাজনো শীৰ্ষ নেতাই ইতিমধ্যে বিজেপিত যোগদান কৰিছে।

ইফালে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰেশ হাজৰিকাৰ লগতে মহিলা কংগ্ৰেছৰো কেইবাগৰাকী সদস্যই আজি বিজেপিত যোগদান কৰে।

এই লোকসকলক দললৈ স্বাগতম জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত কয় যে কেইবাজনো কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে আৰু ইয়াৰে ২-৩জনে আজি তেওঁৰ লগত কথা পতা বুলিও কয়।