NORTHEAST NOW (Assamese)
অসম

ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন আৰম্ভ; অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ January 7, 2021 6:49 pm
Raijor dal convention

আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্যখনৰ নতুন আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন।

মৰাণৰ মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত তিনিদিনিয়াকৈ অনুষ্ঠিত হব এই অভিৱৰ্তন।

ইয়াতেই অসমৰ নতুন আঞ্চলিক ৰাজনৈতিক দল হিচাপে পূৰ্ণ ৰূপ পাব ৰাইজৰ দলটোৱে। তদুপৰি, ইয়াতেই গঠিত হব দলটোৰ পূৰ্ণাংগ সমিতিখনো।

বৃহস্পতিবাৰে পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে আৰম্ভ হয় ৰাইজৰ দলৰ ৰাজনৈতিক অভিৱৰ্তনৰ কাৰ্যসূচী।

পতাকা উত্তোলন কৰে পদ্মভূষণ জাহ্নু বৰুৱাই।

আনহাতে, ৰাইজৰ দলৰ প্ৰথম ৰাজনৈতিক অভিৱৰ্তনত দেখা গ’ল চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদত কঁপিল মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰ।

উল্লেখ্য যে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন নাকচ কৰিছে।

ইয়াৰ পাছতে অখিল গগৈৰ মুক্তিৰ দাবীত এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গল অভিৱৰ্তনস্থলীত।