ছিউলত অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগপতিৰে মত বিনিময়
বিনিয়োগকাৰীক অসমত বিনিয়োগ তথা উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহী কৰাৰ প্ৰচেষ্টাৰ অংশ স্বৰূপে সম্প্ৰতি দক্ষিণ কোৰিয়া ভ্ৰমণত থকা অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তাৰ ভালেমান উদ্যোগপতিৰ সৈতে মত বিনিময় কৰে। মত বিনিময় অনুষ্ঠানটোত ভাগ লৈ তেওঁ উদ্যোগপতি তথা বিনিয়োগকাৰীসকলক অসমত থকা বিনিয়োগৰ সম্ভাৱনা তথা পৰিৱেশৰ কথা অৱগত কৰে। লগতে বিত্ত মন্ত্ৰীজনে উদ্যোগপতিসকলে যাতে তেওঁলোকৰ প্ৰতিনিধিক অসমত অনুষ্ঠিতব্য Assam Global Investors’ Summit লৈ প্ৰেৰণ কৰে তাৰ বাবে অনুৰোধ জনায়। উল্লেখযোগ্য যে অসমত অহা ফেব্ৰুৱাৰিৰ ৩ আৰু ৪ তাৰিখত দেশী-বিদেশী বিনিয়োগকাৰীৰ এখন সন্মিলন অনুষ্ঠিত হ’ব, য’ত অসমত বিনিয়োগৰ বিষয়ত চৰকাৰ আৰু বিনিয়োগকাৰীৰ মাজত আলোচনা চলিব। এই সন্মিলনলৈ যাতে অধিকৰো অধিক সংখ্যক উদ্যোগপতি তথা বিনিয়োগকাৰীক আনিব পৰা যায় তাৰ বাবে ৰজ্যৰ মুখ্য মন্ত্ৰীকে ধৰি ৰাজ্যৰ মন্ত্ৰী আমোলা দেশী-বিদেশী বিনিয়োগকাৰীক লগ ধৰি আছে। একেই উদ্দেশ্য লৈ দক্ষিণ কোৰিয়াত থকা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ এটা টুইটত দক্ষিণ কোৰিয়াক তেওঁলোকৰ উদ্যমিতা তথা শ্ৰমমুখিতাৰ বাবে প্ৰশংসা কৰে। লগতে তেওঁ ভাৰতত ছেমছাং আৰু হুণ্ডাইৰ নাম একেবাৰে ঘৰুৱা নামৰ দৰে হৈ পৰা বুলিও কয়।
You may also like
ৰজাই হুকুম দিছে এদিম চেদিম বাই…শৈশৱৰ ধেমালিৰে উজ্জীৱিত শিৱসাগৰৰ ৰাজপথ
শিৱসাগৰৰ ৰাজপথত উজ্জীৱিত হল শৈশৱৰ ধেমালি, বিভিন্ন খেলা ধূলা, অসমৰ পৰম্পৰা তথা গ্ৰাম্য জীৱনৰ এখন নিখুঁত ছবি। হয়, এই দৃশ্য শিৱসাগৰৰ ৰাজপথৰ।…
গুৱাহাটীৰ সমীপত ভৰা ব্ৰহ্মপুত্ৰত দুটাকৈ নাও দুৰ্ঘটনা, ৩জনৰ মৃত্যুৰ আশংকা
গুৱাহাটী মহানগৰৰ দাঁতিকাষৰীয়া বাথানত ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা। বিপদসীমাৰ ওপৰত বাঢ়ি থকা ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত নাওসহ নিখোঁজ…
কোভিডৰ পিছতে দেশত বৃদ্ধি পাইছে বিত্তীয় জালিয়াতিৰ ঘটনা,পিডব্লিউচিৰ প্ৰতিবেদন
কোভিডৰ পিছতে দেশত বৃদ্ধি পাইছে বিত্তীয় জালিয়াতিৰ ঘটনা। পিডব্লিউচিৰ ‘গ্লোবেল ইকনমিক ক্ৰাইম এণ্ড ফ্ৰড চাৰ্ভে ২০২২’ ৰ শেহতীয়া প্ৰতিবেদনত এই কথা প্ৰকাশ…
দুধনৈত তিনি নাবালিকাক ওৰে নিশা উপৰ্যুপৰি ধৰ্ষণ তিনি পাষণ্ডৰ; ৰঙা ঘৰৰ আলহী তিনি নৰাধম
জঘন্য, নিৰ্লজ্জ, পাশৱিক, এইবোৰ শব্দও যেন কম হৈ পৰিব যেতিয়া তিনি পাষণ্ডই কৰা এক অতি ঘৃণনীয় ঘটনাৰ বিষয়ে আপুনি জানিব ৷ দুধনৈত…