NORTHEAST NOW (Assamese)
অসম

হিতেন শৰ্মাৰ কাব্য সংকলন ‘তেতিয়াৰ পৰা এতিয়ালৈ’ উন্মোচন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 8, 2021 4:28 pm
a hiten sarmah

নতুন বছৰটোৰ আৰম্ভণিতে প্ৰকাশ পাইছে ডিগবৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন প্ৰবক্তা আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ হিতেন শৰ্মাৰ পাঁচ দশকজোৰা কাব্যিক পৰিক্ৰমাৰ স্বাক্ষৰ বহনকাৰী কাব্য-সংকলন ‘তেতিয়াৰ পৰা এতিয়ালৈ’।

এজন ছাত্ৰ-গৱেষক, শিক্ষক-বিশ্লেষক আৰু ৰচক-অনুবাদক হিচাবে শ্ৰীশৰ্মাৰ কবিতাৰ সৈতে সম্পৰ্ক নিবিড়, দীৰ্ঘদিনীয়া আৰু বহুমাত্ৰিক।

এই সংকলনটিত অন্তৰ্ভুক্ত হৈছে ১০১ টা মৌলিক আৰু ৫টা অনুবাদ কবিতা, যিবোৰৰ সৰহভাগেই অধুনালুপ্ত সংজ্ঞা, সংলাপ, নীলাচল, ক্ৰান্তি আদিৰ পৰা এতিয়াৰ প্ৰান্তিক, গৰীয়সী আদি আলোচনীত প্ৰকাশিত।

৪ জানুৱাৰীৰ সন্ধিয়া কবিতা আৰু শিল্পৰ নিৰ্মোহ আলোচনা আৰু সৰোদৰ মায়াময় মাধুৰ্যৰে জীপাল এক অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰে অনুবাদক-সমালোচক অনিল কুমাৰ বৰুৱা, চিত্ৰশিল্পী চম্পক বৰবৰা, সৰোদীয়া তৰুণ কলিতা আৰু কথাশিল্পী স্যমন্ত ফুকনে।

শ্ৰী চম্পক বৰবৰাৰ মননশীল বেটুপাতেৰে সুশোভিত ১৮৩ পৃষ্ঠাৰ সংকলনখন চলিত গ্ৰন্থমেলাত উপলব্ধ।