NORTHEAST NOW (Assamese)
অসম

নলবাৰীত শোকাৱহ পথ দুৰ্ঘটনাত শিক্ষকৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2021 6:58 pm

নলবাৰী জিলাৰ সন্ধেলীত শনিবাৰে পুৱা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী শিক্ষকৰ কৰুণ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে।

পথ দুৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱা ব্যক্তি গৰাকী কলবাৰী নিবাসী অনিল বৰ্মন বুলি জানিব পৰা গৈছে।

মৃত অনিল বৰ্মনে বাক্সা জিলাৰ কুমাৰীকাটা প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত আছিল।

পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোক সকলে ওচৰৰ আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে।

স্থানীয় ৰাইজৰ খবৰৰ পাছত দুৰ্ঘটনাস্থলীত বেলশৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু দুৰ্ঘটনাগ্ৰস্ত বাহনখনো জব্দ কৰে।

জানিব পৰা মতে, ভাৰতীয় সেনা বাহিনীৰ এখন বাহনৰ স্কুটি চলাই অহা শিক্ষক গৰাকীৰ স্কুটিখনৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলতে শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

আৰক্ষীৰ তৰফৰ পৰা পথ দুৰ্ঘটনাটো সন্দৰ্ভত কোনোধৰণৰ মতামত প্ৰকাশ কৰা নায়।