NORTHEAST NOW (Assamese)
অসম

WHO ই প্ৰকাশ কৰিলে ভাৰতৰ বিকৃত মানচিত্ৰ, বাদ পৰিল জম্মু-কাশ্মীৰ-লাডাখ অঞ্চল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2021 7:09 am
pjimage-12

বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ প্ৰকাশ কৰা ভাৰতৰ এখন মেপত জম্মু-কাশ্মীৰ আৰু লাডাখ অঞ্চল দুটা ভাৰতৰ পৰা পৃথক অঞ্চল হিচাবে দেখুওৱাৰ কথাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

টাইমছ নাওত প্ৰকাশিত বাতৰি অনুসৰি WHO ৰ শেহতীয়া মেপ খনত জম্মু-কাশ্মীৰ আৰু লাডাখ অঞ্চল দুটা সম্পূৰ্ণ সুকীয়া ৰং ব্যৱহাৰ কৰি ভাৰতৰ বাহিৰৰ অঞ্চল হিচাবে প্ৰতিপন্ন কৰাৰ চেষ্টা চলোৱা হৈছে।

ভাৰতৰ আন ঠাই সমূহ গাঢ় নীলা ৰঙেৰে চিহ্নিত কৰাৰ বিপৰীতে লাডাখ আৰু জম্মু-কাশ্মীৰ অঞ্চল দুটা পাতল নীলা ৰঙেৰে বুজোৱা হৈছে।

প্ৰথমে ব্ৰিটেইনৰ একাংশ প্ৰবাসী ভাৰতীয়ৰ দৃষ্টিত WHO ৰ মেপত হোৱা এনে ভুলৰ কথা চকুত পৰে।

লগে লগে WHO ৰ মেপ খন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

শেহতীয়াকৈ  ক’ৰ’ণাৰ সংক্ৰমণৰ পিছতে WHO ৰ সৈতে চীনৰ সম্পৰ্ক মধুৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিততে WHO ৰ মেপত হোৱা এনে বিভ্ৰান্তিয়ে এতিয়া বহুতকে নতুন চিন্তাৰ খোৰাক যোগোৱা পৰিলক্ষিত হৈছে।

চীনে লাডাখ অঞ্চলটো নিজৰ বুলি দাবী কৰি ভাৰতৰ সৈতে দীৰ্ঘ দিন ধৰি সংঘাতত লিপ্ত হৈ আহিছে।

এনে পৰিস্থিতিত WHO ই প্ৰকাশ কৰা ভাৰতৰ মেপত লাডাখ অঞ্চলটো পৃথককৈ দেখুওৱাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

একেদৰে চীনৰ বন্ধু ৰাষ্ট্ৰ পাকিস্তানেও কাশ্মীৰকলৈ ভাৰতৰ সৈতে বিবাদ অব্যাহত ৰাখিছে।

কাশ্মীৰকো WHO ৰ মেপত সুকীয়া অঞ্চল হিচাবে দেখুওৱাত বিষয়টো সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।

এতিয়ালৈকে WHO ৰ তৰফৰ পৰা বিষয়টো সন্দৰ্ভত কোনো স্পষ্টীকৰণ দাঙি ধৰা হোৱা  নাই।