NORTHEAST NOW (Assamese)
Popular Stories

নদীৰ পাৰত গুপ্তধনৰ সন্ধান! : সোণ-ৰূপৰ সন্ধানত দিন-ৰাতি নৈ পাৰত মাটি খন্দাত ব্যস্ত অসংখ্য লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2021 4:57 pm
index.jpgaa

নৈৰ পাৰত পোৱা গৈছে গুপ্ত ধনৰ লগতে সোণ আৰু ৰূপ। এই বাতৰি বিয়পি পৰাৰ লগতে এখন নদীৰ পাৰত অসংখ্য লোকে মাটি খান্দি গুপ্ত ধন-সোণ-ৰূপ সন্ধান কৰাত ব্যস্ত হৈ পৰিছে। আনকি অঞ্চলজুৰি সৃষ্টি হৈছে প্ৰৱল চাঞ্চল্য আৰু উত্তেজনাৰ।

ঘটনাটো হৈছে ৰাজস্থানৰ। ৰাজস্থানৰ ৰাজগড় জিলাৰ পাৰ্ৱতী নদীৰ তীৰত গুপ্ত ধন-সোণ-ৰূপ সন্ধান পোৱা বুলি এটা খবৰ লাভ কৰে স্থানীয় লোকে।

ইয়াৰ পিছতে নৈৰ তীৰত অস্থায়ী শিবিৰ স্থাপন কৰি অসংখ্য গঞাই দিন ৰাতি একাকাৰ কৰি নৈৰ পাৰত মাটি খান্দি গুপ্ত ধন-সোণ-ৰূপৰ সন্ধানত ব্যস্ত হৈ পৰিছে।

স্থানীয় সূত্ৰৰ অনুসৰি কিছুদিন পূৰ্বে ৰাজগড় জিলাৰ শিৱপুৰা আৰু গৰুড়পুৰা গাঁৱৰ কেইজমান মাছমৰীয়াই পাৰ্ৱতী নৈত মাছ মাৰি থকাতো কিছু পুৰণি মুদ্ৰা লাভ কৰিছিল।

উক্ত মুদ্ৰাসমূহ মোগল যুগৰ বুলি স্থানীয় লোকৰ মাজ প্ৰচাৰ চলিল আৰু ইয়াৰ পিছতে স্থানীয় ৰাইজে পাৰ্ৱতী নৈৰ সেই নিৰ্দিষ্ট তীৰত গৈ গুপ্ত ধন-সোণ-ৰূপৰ সন্ধানত কৰিবলৈ আৰম্ভ কৰে।

ভূপালৰ পৰা ১৪১ কিলোমিটাৰ নিলগৰ উক্ত ঠাইলৈ পিছত অন্য জিলাৰ পৰাও গুপ্ত ধন-সোণ-ৰূপৰ সন্ধান কৰিবলৈ মানুহ যাবলৈ আৰম্ভ কৰে।

লোকসকলৰ বিশ্বাস যে পাৰ্ৱতী নৈৰ উক্ত এলেকাৰ তীৰত প্ৰচুৰ পৰিমাণৰ গুপ্ত ধন-সোণ-ৰূপ আছে আৰু মাছমৰীয়াই মাত্ৰ তাৰে সামান্য অংশহে লাভ কৰিছে।

সেয়ে লোকসকলে নৈৰ পাৰত অস্থায়ী শিবিৰ স্থাপন কৰি দিন ৰাতি একাকাৰ কৰি নৈৰ পাৰত মাটি খান্দি গুপ্তধনৰ সন্ধানত ব্যস্ত হৈ পৰিছে।

ইফালে জিলা প্ৰশাসনে ইয়াক এক গুজৱ বুলি আখ্যা দিছে। ইফালে আৰক্ষী প্ৰশাসনে ঠাইখনত মাটি খন্দা বাৰণ কৰা নাই যদিও পৰিস্থিতিয়ে যাতে আইন শৃখংলা উলংঘনা নকৰে তাৰ ওপৰত দৃষ্টি ৰাখিছে।

“উক্ত অঞ্চলত আইন শৃংখলা যাতে অৱনতি নঘটে তাৰ ওপৰত দৃষ্টি ৰখা হৈছে। সাধাৰণ মানুহৰ নিৰাপত্তা বিষয়টোত গুৰুত্ব প্ৰদান কৰা হৈছে। প্ৰথমাৱস্থাত মাছমৰীয়াই যিসমূহ মুদ্ৰা লাভ কৰিছে সেয়া ব্ৰঞ্জৰ বুলি জানিব পৰা গৈছে।” জিলা আৰক্ষী অধীক্ষক পি শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।

আৰক্ষী বিষয়াজনৰ মতে অঞ্চলটোত গুপ্তধন সন্ধান কৰাৰ লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।