NORTHEAST NOW (Assamese)
অসম

‘২১ৰ পাছত হিমন্ত বিশ্ব শৰ্মা এটা ফিউজ বাল্ব হৈ জালুকবাৰীত পৰি থাকিব’ : ৰাইজৰ দলৰ সম্পাদক অনুপ শইকীয়া

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 11, 2021 7:56 pm

‘হিমন্ত বিশ্ব শৰ্মা প্ৰথমে ছাত্ৰ নেতা, তাৰ পাছত আলফা, আলফাৰ পৰা ৰাজনীতিৰ ক্ষেত্ৰখনলৈ তাৰ পাছত তেওঁ অসমৰ আটাইতকৈ মিছলীয়া কলংকিত ব্যক্তিলৈ ৰূপান্তৰিত হৈছে। অনাগত দিনত অৰ্থ্যাৎ ২১ ৰ পাছত হিমন্ত বিশ্ব শৰ্মা এটা ফিউজ বাল্ব হৈ জালুকবাৰীত পৰি থাকিব।‘ মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে অসম একত্ৰিত যুৱ পৰিষদে সম্বৰ্দ্ধনা জনোৱাৰ পাছত এইদৰে সৰৱ হৈ পৰে ৰাইজৰ দলৰ সম্পাদক অনুপ শইকীয়া।

ইপিনে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে এখনো আসনতে জয়লাভ নকৰে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অনুপে।

তেওঁ কয় ‘মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোন হয়? তেওঁ এনেধৰণৰ মন্তব্য দিবলৈ অসমৰ ৰাইজৰ অভিভাৱক নেকি? তেওঁৰ মতে অসমৰ ৰাইজে ভোট নিদিয়ে। অসমৰ মানুহে বিচাৰ কৰিব কোনে কিমানখন আসন লাভ কৰে। ৰাইজৰ দল জাতীয় পৰিষদে কিমানখন আসন লাভ কৰিলে ক’বলৈ তেওঁ জ্যোতিষী নেকি?’

এইবাৰ নিৰ্বাচনত ইভিএমৰ সলনি বেলট বাকচৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনায় তেওঁ লগতে কয় ‘ইভিএম টেম্পাৰিঙ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, এই কথা নুই কৰিব নোৱাৰি।‘

ইপিনে, মন্ত্ৰীগৰাকীয়ে অখিল গগৈক মাওবাদীৰ সৈতে জড়িত কৰিব বিচৰাক লৈয়ো শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘অসমৰ ৰাইজে নিশ্চিতভাৱে জানে যে আচলতে অখিল গগৈ মাওবাদী নে হিমন্ত বিশ্ব শৰ্মা আলফা।‘