NORTHEAST NOW (Assamese)
অসম

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী January 19, 2021 6:27 pm

তৃতীয় বড়োশান্তি চুক্তি উপলক্ষে অনুষ্ঠিত হ’ব লগীয়া প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

বডোফা নগৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হ’ব লগীয়া জনসভা লক্ষাধিক লোকৰ সমাৱেশ ঘটিব বুলি আশা প্ৰকাশ কৰা হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অংশ ল’বলগীয়া এই সভাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ কোকৰাঝাৰত আজি উপস্থিত হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণইয়ে।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে বি টি এডিৰ আই জি পি অনুৰাগ আগৰৱালাইও জনসভাৰ বাবে চলোৱা প্ৰস্তুতিৰ বুজ লয়।

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া দুজনে হেলিপেডস্থলীও পৰিদৰ্শন কৰে।

প্ৰস্তুতিৰ বুজ লোৱাৰ পিছত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিষ্ণইয়ে গৃহ মন্ত্ৰী অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণৰ সময়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হ’ব বুলি কয়।

মুঠ ২৭ চেক্টৰত নিৰাপত্তা বাহিনীৰ ১৫টা কোম্পানি নিয়োজিত কৰা হ’ব আৰু ক’ভিড বিধি মানি চলিবৰ বাবে চেনিটাইজাৰ, মাস্ক আদি প্ৰদান কৰা হ’ব বুলিও জনায়।

উল্লেখ্য যে অহা ২৪ পৰা ২৭ জানুৱাৰিলৈ অৰ্থাৎ চাৰিদিনীয়াকৈ উদযাপন কৰা হ’ব চুক্তি দিৱস।