NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাৰ নতুন চৰকাৰৰ ৩৩ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ, ৬৭ শতাংশ মন্ত্ৰী কোটিপতি

Posted by: এন ই নাও নিউজ March 17, 2018 6:36 pm
cabinet-meeting-tripura

নৱগঠিত ত্ৰিপুৰা চৰকাৰৰ ৬৭ শতাংশ, অৰ্থাৎ ৯ৰ ভিতৰত ৬ গৰাকী মন্ত্ৰী কোটিপতি। শুকুৰবাৰে প্ৰকাশিত এক বাতৰি অনুসৰি তেওঁলোকৰ ৯ গৰাকীৰ ভিতৰত ৩ গৰাকী, অৰ্থাৎ ৩৩ শতাংশৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ।

১১ কোটি টকাৰে জিষ্ণু দেববাৰ্মা সৰ্বাধিক ধনী মন্ত্ৰী হোৱাৰ বিপৰীতে ৫ কোটি আৰু ৩ কোটিতকৈ অধিক সম্পদেৰে কোটিপতিৰ তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে প্ৰানাজিত সিংহ ৰয় আৰু সুদীপ ৰয় বৰ্মন। এই তিনিও শীৰ্ষ কোটিপতি মন্ত্ৰী বিজেপি দলৰ।

১.৩৯ লাখ টকাৰ সম্পত্তিৰে মন্ত্ৰীসভাৰ একমাত্ৰ মহিলা বিজেপিৰ সান্ত্বনা চাকমা হ’ল আটাইতকৈ কম সম্পদশালী মন্ত্ৰী।

টাইমছ নাওৰ বাতৰি অনুসৰি ৯ গৰাকীৰ ভিতৰত ৩ গৰাকী মন্ত্ৰীয়ে তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ থকা বুলি ঘোষণা কৰিছে। এওঁলোকৰ ভিতৰত বিজেপিৰ ৰতন লাল নাথ আৰু সুদীপ বৰ্মনৰ বিৰুদ্ধে আছে হত্যাৰ গুৰুতৰ অভিযোগ।

আনহাতে ৯ৰ ভিতৰত ৭ গৰাকী অৰ্থাৎ ৭৮ শতাংশ মন্ত্ৰী স্নাতক হোৱাৰ বিপৰীতে ২ গৰাকী স্নাতকোত্তৰ ডিগ্ৰিধাৰী।