NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসা; ২২ খন এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 27, 2021 11:44 am

দিল্লীত গণৰাজ্য দিৱসৰ দিনটোত প্ৰতিবাদী কৃষক সকলে উলিওৱা ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাছত দিল্লী আৰক্ষীয়ে হিংসাত্মক ঘটনাৰ সৈতে সংযুক্ত হৈ থকা ব্যক্তিৰ বিৰুদ্ধে ২২ খন এজাহাৰ দাখিল কৰিছে।

দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত ৰাজহুৱা সা-সম্পত্তি ধ্বংস কৰাৰ বিপৰীতে ৮৩ গৰাকী আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হয়।

প্ৰতিবাদী কৃষক সকলে লালকিল্লাত উপস্থিত হৈ ইচ্ছাকৃতভাৱে আৰক্ষীৰ ওপৰেৰে ট্ৰেক্টৰ চলাই নিয়াৰ চেষ্টা কৰাৰ ভিডিঅ’ আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত আপলোড কৰিছে।

উল্লেখযোগ্য যে, দিল্লী আৰক্ষীয়ে প্ৰতিবাদী কৃষক সকলৰ সৈতে এক বুজাপৰাৰ মাধ্যমেৰে গণৰাজ্য দিৱসৰ দিনটোত প্ৰতিবাদী কৃষক সকলক দিল্লীৰ নিৰ্ধাৰিত ৰাজপথত ট্ৰেক্টৰ ৰেলীৰ অনুমতি প্ৰদান কৰিছিল।

পৰৱৰ্তী সময়ত প্ৰতিবাদী কৃষক সকলে আৰক্ষীয়ে অনুমতি প্ৰদান কৰা পথৰ বাহিৰেও অন্যান্য পথেৰে ট্ৰেক্টৰ চলাই অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰা দেখা যায়।

প্ৰতিবাদী কৃষকৰ এটা বৃহৎ দলে লালকিল্লাৰ ভিতৰত প্ৰৱেশ কৰি লাল কিল্লাৰ গম্বুজত নিজৰ পতাকা উৰুৱায়।