NORTHEAST NOW (Assamese)
অসম

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ January 28, 2021 10:56 am
Bajali

শূন্য সহনশীলতাৰ নীতি দোহাই দি সভাই সমিতিয়ে ডিঙিৰ শিৰ ফুলাই ফুলাই বক্তব্য ৰখা মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোণোৱালৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ দেখুৱাই আহিছে একাংশ বিষয়াই।

যাৰ ফলত বজালীত নম্বৰ প্লেট বিহীন অবৈধ ডাম্বাৰ ট্ৰেক্টৰৰ দৌৰাত্ম্যই হাৰাশাস্তি কৰি আহিছে সাধাৰণ ৰাইজক।

বৰপেটা পৰিবহণ বিষয়াৰ সৈতে থকা গোপন মিতিৰালিৰ বাবে এতিয়া উঠি ৰজা বহি ৰজা হৈ উঠিছে এইসমূহ ডাম্পাৰ, ট্ৰেক্টৰ চালক।

পৰিবহণ আইন সম্পূৰ্ণ ভৰিৰে মোহাৰি নিজ খেয়াল খুচি মতে বিনাদিদ্ধাই চলাই গৈছে ট্ৰেক্টৰ ডাম্পাৰসমূহ।

ওজন কঢ়িওৱাৰ ক্ষেত্ৰতো কোনো ধৰণৰ নীতি নিয়ম নথকা ট্ৰেক্টৰ ডাম্পাৰসমূহৰ দৌৰাত্ম্যত এতিয়া অতিষ্ঠ বজালীবাসী ৰাইজ।

পৰিবহণ আইন মানি নচলা বাবে এইসমূহ ডাম্পাৰ ট্ৰেক্টৰৰ বাবে সময়ে সময়ে সংঘটিত হৈ আহিছে দুৰ্ঘটনা।

তাৰ পৰিণতিত অকালতে প্ৰাণ হেৰুৱাই বহুজনে। পথ সুৰক্ষাৰ নামত ৰাজকোষৰ পৰা বৃহৎ সংখ্যক ধন ব্যয় কৰি একমাত্ৰ যেন এয়া বাতৰি কাকত, টিভিত চমক দিয়াৰ চেষ্টা বুলিহে অভিযোগ কৰিছে সচেতন ৰাইজে।

ইফালে পথ সুৰক্ষা সপ্তাহ চলি থকাৰ সময়তে বজালীত সপ্তাহটোত ৬ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটিছে।