NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষী-আৱকাৰী বিভাগৰ অভিযান

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা January 29, 2021 6:00 pm

কলিয়াবৰৰ উলুৱনী থানাৰ অন্তৰ্গত সাপ্তাহিক উলুৱনী বজাৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে আজি আৰক্ষী আৰু আৱকাৰী বিভাগে যৌথ অভিযান চলায়।

উলুৱনী থানাৰ আৰক্ষী আৰু আৱকাৰী বিভাগৰ এটা দলে উলুৱনী বজাৰত বহা অবৈধ চুলাই দোকানত এই অভিযান চলায়।

অভিযানকাৰী দলটোৱে বজাৰখনৰ পাঁচখনকৈ দোকানত অবৈধ চুলাইৰ সন্ধানত অভিযান চলায়।

আনহাতে, এই অভিযানকালত অভিযানকাৰী দলটোৱে অবৈধ চুলাই মদ বিক্ৰী কৰা ৫ গৰাকী মহিলাক আটক কৰে।

ইয়াৰোপৰি প্ৰায় ১০০ লিটাৰৰো অধিক চুলাই মদ জব্দ কৰি অভিযানকাৰী দলটোৱে নষ্ট কৰে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত অসমত চুলাই মদ সেৱন কৰি ভালেসংখ্যক লোকৰ মৃত্যু হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ৰ পৰা অসম আৰক্ষীয়ে অবৈধ চুলাই মদৰ বিৰুদ্ধে কঠোৰ হৈছিল।