NORTHEAST NOW (Assamese)
অসম

টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰাৰ বাবে জাপান বদ্ধপৰিকৰ : জাপানী প্ৰধান মন্ত্ৰী চুগা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 30, 2021 2:50 pm

কোভিডৰ সংক্ৰমণৰ সময়ত অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ বদ্ধ পৰিকৰ হৈছে জাপান চৰকাৰ।

জাপানী প্ৰধান মন্ত্ৰী য়োচিহিদে চুগাই কোভিডৰ সংক্ৰমণৰ বাবে পিছুৱাই দিবলগীয়া হোৱা অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিব পৰাটো কোভিড মহামাৰীৰ বিৰুদ্ধে মানৱ সভ্যতাৰ এক প্ৰতীকি বিজয় হ’ব।

‘‘মই এই প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ বদ্ধপৰিকৰ…….সমগ্ৰ বিশ্বত আশা আৰু উৎসাহৰ পুনৰ প্ৰসাৰৰ বাবে অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাটো প্ৰয়োজনীয়,’’ জাপানৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে লগতে কয়।

ভাৰ্চুৱেল ৱৰ্ল্ড ইকোনোমিক ফ’ৰামত সম্বোধন কৰি চুগাই এনেদৰে নিজৰ মত ব্যক্ত কৰে।

উল্লেখযোগ্য যে, চীনৰ পৰা সমগ্ৰ বিশ্বলৈ বিয়পি পৰা কোভিড মহামাৰীৰ ভায়বহ সংক্ৰমণৰ বাবে ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিক প্ৰতিযোগিতাখন ২০২১ চনলৈ পিছুৱাই দিয়া হৈছিল।

২০২১ চনত অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাখন অনুষ্ঠিত নহ’লে টকিঅ’ অলিম্পিক বাতিল কৰিবলগীয়া হ’ব আৰু এনেহ’লে জাপান ব্যাপক লোকচনাৰ সন্মুখিন হ’বলগীয়া হ’ব।