NORTHEAST NOW (Assamese)
অসম

কিংবদন্তী অনিল কুম্বলেৰ দৰে লেগ স্পিন কৰি চৰ্চাত এইগৰাকী তাৰকা পেচাৰ; ভাইৰেল ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 31, 2021 11:16 am
Jasprit-Bumrah-followed-the-bowling-action-of-Anil-Kumble-in-780x470

হুবহু অনিল কুম্বলেৰ দৰে লেগ স্পিন কৰি এগৰাকী তাৰকা ভাৰতীয় পেচাৰে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

ভাৰতীয় পেচাৰ যশপ্ৰীত বুমৰাহ তেওঁৰ ব্যতিক্ৰমী বলি একশ্যনৰ বাবে ক্ৰিকেট মহলত চৰ্চাৰ বিষয় হৈ আহিছে। বুমৰাহৰ বলিং একশ্যন যথেষ্ট জনপ্ৰিয়।

কমবয়সীয়া ক্ৰিকেটাৰসকলে বুমৰাহৰ বলিং একশ্যন নকল কৰাও দেখা যায়। আনিক বয়স্কৰ মাজতো বুমৰাহৰ বলিং একশ্যনৰ জনপ্ৰিয়তা কম নহয়।

কিন্তু বুমৰাহক এইবাৰ দেখা গৈছে প্ৰাক্তন ভাৰতীয় স্পিনাৰ অনিল কুম্বলেক নকল কৰা।

বিচিচিআইৰ টুইটাৰ হেণ্ডলত সেই ভিডিঅ’ প’ষ্ট কৰি লিখিছে যে সকলোৱে বুমৰাহক য়ৰ্কাৰ আৰু বাউন্সাৰ দিয়া দেখিছে। সেই ভাৰতীয় পেচাৰগৰাকীক এইবাৰ অন্য এক ৰূপত দেখা গ’ল।


বুমৰাহে কিংবদন্তি অনিল কুম্বলেৰ বলিং একশ্যন হুবহু নকল কৰিছে।

ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ভাৰতৰ নেট বলিং অনুশীলনত নকল কৰাৰ সেই খেলত আনন্দত উৎফুল্লিত হৈ পৰিছিল যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাডেজা আৰু পৃথ্বী শ্বাহ।