নিৰ্বাচনৰ লক্ষ্য সন্মুখত ৰাখি নাগ্ৰীজুলিত বিজেপিৰ বৃহৎ চাইকেল ৰেলী

লক্ষ্য আগন্তুক বিধান সভা নিৰ্বাচন। নাগ্ৰীজুলিত ভাৰতীয় জনতা পাৰ্টী, অনুসূচীত জাতি মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আৰু বাক্সা জিলাৰ সহযোগত বৃহৎ চাইকেল ৰেলীৰ আয়োজন কৰা হয়।
বিজেপিৰ মিছন ১০০ প্লাছৰ লক্ষ্য আৰু উদ্দেশ্যেৰে আজি পুৱা এইদৰে নাগ্ৰীজুলি মণ্ডল বিজেপিৰ কাৰ্য্যালয়ৰ পৰা চাইকেল ৰেলী উলিয়ায় বিজেপিৰ কাৰ্যকৰ্তা সকলে।
নাগ্ৰীজুলি মণ্ডল বিজেপিৰ সভাপতি ৰাম বাস্তলাই মুকলি কৰা ৰেলীত অংশগ্ৰহণ কৰিছে বাক্সা জিলা যুৱ বিজেপিৰ উপ সভাপতি ভজন দাস, বাক্সা জিলা অনুসূচীত জাতি মৰ্চাৰ সভাপতি গজেন দাস, বাক্সা জিলা কাৰ্য্যকৰি সদস্য ৰঞ্জিত সৰকাৰৰ লগতে বিজেপিৰ কৰ্মকৰ্তা সকলে।
বিজেপি জিন্দাবাদ, ৰঞ্জিত দাস জিন্দাবাদ, আদি বিভিন্ন শ্লোগান দিয়ে এই চাইকেল ৰেলীত অংশ গ্ৰহণকাৰী সকলে। এই চাইকেল ৰেলিটোৱে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চল পৰিভ্ৰমণ কৰি বিজেপিৰ হৈ প্ৰচাৰ অভিযান চলায়।