NORTHEAST NOW (Assamese)
অসম

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধেমাজিত শতাধিক কংগ্ৰেছ আৰু অপগ কৰ্মীৰ বিজেপিত যোগদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 3, 2021 1:11 pm

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধেমাজিত শতাধিক কংগ্ৰেছ আৰু অগপ কৰ্মীয়ে বিজেপিত যোগদান কৰে।

ভাৰতীয় জনতা পাৰ্টিৰ ধেমাজী জিলা সমিতিৰ মুখ্য কাৰ্য্যালয়ত বিধায়ক ডা০ ৰনোজ পেগু, জিলা সভাপতি প্ৰেম দণ্ডৰ উপস্থিতিত শতাধিক কংগ্ৰেছ আৰু অগপ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

বিধায়ক ৰনোজ পেগুৱে বিজেপিৰ টুপী, গলবস্ত্ৰ পৰিধান কৰি কংগ্ৰেছ আৰু অগপ কৰ্মী সকলক বিজেপিলৈ স্বাগতম জনায়।

এই যোগদান সভাত সম্বোধন কৰি বিধায়ক পেগুৱে আগন্তুক নিৰ্বাচনত ধেমাজি জিলাত বিজেপিয়ে নিৰংকুশ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব বুলিও লগতে কয়।

প্ৰাক্তন কংগ্ৰেছী আৰু অগপ নেতা-কৰ্মী সকলৰ বিজেপি দলত যোগদানে ধেমাজিত বিজেপিক অধিক শক্তিশালী কৰিব বুলিও পেগুৱে লগতে কয়।

উল্লেখযোগ্য যে, বিধানসভাৰ পূৰ্বে ধেমাজিত বিজেপিয় দলীয় ভেটি মজবুত কৰাৰ ববে বিভিন্ন ৰণকৌশল অৱলম্বন কৰা দেখা গৈছে।

বিজেপিয়ে ভালেমান জনসম্পৰ্কৰক্ষী অভিযানৰ জৰিয়তে জিলাখনত দলীয় শক্তি অধিক বৃদ্ধি কৰাৰ বাবে উঠি পৰি লাগিছে।