NORTHEAST NOW (Assamese)
অসম

টকিঅ’ অলিম্পিকৰ পূৰ্বে কোভিড ভেকচিন প্ৰদান কৰা হ’ব ভাৰতীয় খেলুৱৈক; ক্ৰীড়া মন্ত্ৰ্যালয়ৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 4, 2021 5:02 pm

টকিঅ’ অলিম্পিকৰ পূৰ্বে টকিঅ’ অলিম্পিক প্ৰতিযোগিতালৈ যাবলগীয়া ভাৰতীয় দলৰ সকলো খেলুৱৈক কোভিড ভেকচিন প্ৰদান কৰা হ’ব বুলি দেশৰ ক্ৰীড়া মন্ত্ৰ্যালয়ে সদৰী কৰে।

‘‘আমি টকিঅ’ অলিম্পিকৰ পূৰ্বে খেলুৱৈ সকলে যাতে কোভিডৰ প্ৰথম আৰু দ্বিতীয় দুয়োটা পৰ্যায়ৰ ভেকচিন গ্ৰহণ কৰিব পাৰে সেই সম্পৰ্কতো গুৰুত্ব প্ৰদান কৰিছো,’’ ক্ৰীড়া সচিৱ ৰবি মিট্টালে এইদৰে লগতে কয়।

পূৰ্বে ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ো অলিম্পিকলৈ যাবলগীয়া এথলেট আৰু ট্ৰেইনাৰ সকলক নিৰ্দিষ্ট সময়ত কোভিড ভেকচিন প্ৰদানকে আদি কৰি সকলো ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি উল্লেখ কৰিছিল।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বজুৰি কোভিডৰ সংক্ৰমণৰ বাবে ২০২০ চনৰ টকিঅ’ অলিম্পিক ২০২১ চনলৈ পিছুৱাই দিয়া হৈছিল।

২০২১ চনতো কোভিডৰ সংক্ৰমণ অব্যাহত থকাত টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰাক লৈ সংশয়ৰ সৃষ্টি হৈছে।

অৱশ্যে জাপানৰ প্ৰধান মন্ত্ৰীকে ধৰি টকিঅ’ অলিম্পিকৰ সভাপতিয়ে যিকোনো পৰিস্থিতিতে অলিম্পিক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাক লৈ আগ্ৰহী হৈ আছে।