NORTHEAST NOW (Assamese)
অসম

২৫দিন ধৰি থানাৰ লকআপত বন্দী দুটা কুকুৰা; কিন্তু কি কাৰণে হ’ল এই বন্দীদশা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 6, 2021 8:18 pm
Chickens

এক আজৱ ঘটনা! ২৫ দিন ধৰি থানাৰ লকআপত বন্দী হৈ আছে দুটা কুকুৰা। এই ঘটনা তেলেংগানাৰ।

বাতৰি অনুসৰি, কেইজনমান জুৱাৰীক এই কুকুৰা দুটাৰে সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পাছত জুৱাৰীকেইজনে জামিন পাই গুচি গ’ল যদিও কুকুৰা দুটা থানাৰ লকআপতে থাকিল।

ৰাজ্যখনৰ খম্মম জিলাৰ মিদিগন্দা থানাৰ লকআপত কুকুৰা দুটা বন্দী হৈ আছে। যোৱা ১০ জানুৱাৰিত আৰক্ষীয়ে জুৱাৰীকেইজনকে ধৰি কুকুৰা দুটাক কৰায়ত্ত কৰি থানালৈ লৈ আনিছিল।

জানিব পৰা মতে, সংক্ৰান্তি উপলক্ষে আয়োজন কৰা হৈছিল কুকুৰা যুঁজ। তাত বাজী ধৰি খেল চলি আছিল। আৰক্ষীয়ে তাৰ পৰা ১০জন লোকক গ্ৰেপ্তাৰ কৰে। তদুপৰি, কুকুৰা দুটাকো জব্দ কৰি লৈ আনে।

বাকী জুৱাৰীসকলে জামিন লৈ ওলাই যায় যদিও কোনোৱে কুকুৰাৰ দাবী নকৰিলে। ফলত থানাতেই থাকি গ’ল কুকুৰা দুটা। আৰক্ষীয়ে লকআপতে মুৰ্গী দুটাক বন্ধ কৰি ৰাখিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই গোচৰৰ শুনানিৰ পাছতহে কুকুৰা দুটাক এৰি দিব পৰা যাব। কুকুৰা দুটাক এৰি দিয়াৰ নিৰ্দেশ হ’লে তাক নীলাম কৰা হ’ব।

দেশত বাৰ্ড ফ্লুক লৈ উদ্বিগ্নতা বৃদ্ধি পোৱাৰ সময়তে কুকুৰা যুঁজ অনুষ্ঠিত কৰাটো সঠিক হোৱা নাই বুলিয়েই বহুতেই মন্তব্য কৰিছে।