মিত্ৰতাৰ সূত্ৰে আগন্তুক নিৰ্বাচনত টীয়কত বিজেপিৰ প্ৰাৰ্থীক টিকট প্ৰদানৰ দাবী

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যোৰহাট জিলাৰ ১০২ নং টীয়ক বিধান সভা সমষ্টিত বিজেপি দলে প্ৰতিদিনেই দলীয় বিভিন্ন স্তৰৰ সৰু বৰ সভা- সমিতি পাতি সাংগঠিনক ভেটি মজবুত কৰাত ব্যস্ত হৈ পৰিছে
শেহতীয়াকৈ টীয়কৰ কলিয়াপানীত বি জে পি দলৰ এখন যোগদান সমাৰোহ অনুষ্ঠিত হয় l
যোগদান সমাৰোহত অগপৰ সৈতে মিত্ৰতা থকা স্বত্বেও দলীয় কৰ্মীয়ে ৰাজহুৱাকৈ অগপ দলৰ প্ৰতি তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে ।
বিজেপি কৰ্মীৰ অভিযোগ বিগত সময়ত উন্নয়নৰ পৰা বঞ্চিত হৈ ৰ’ল সমষ্টিবাসী ।
মিত্ৰতাৰ সুত্ৰে আগন্তুক নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক টিকট প্ৰদানৰ দাবী উঠিছে সমষ্টিটোত ।
ইতিমধ্যে ৰাজ্যিক নেতৃত্বৰ ওচৰতো জনাইছে এই দাবী।