NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ আতংক! : বিদ্যালয় আৰম্ভ হোৱাৰ পিছতেই ১৯২ শিক্ষাৰ্থীসহ ৭২ শিক্ষক ক’ৰ’ণাত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 9, 2021 9:02 am
SchoolPTI_vb_84

বিদ্যালয় আৰম্ভ কৰাৰ পিছতে পুনৰ আতংক বাঢ়িছে ক’ৰ’ণাৰ। কেৰলাৰ দুখন জিলাত বিদ্যালয়ৰ শ্ৰেণীসমূহ পুনৰ আৰম্ভ কৰাৰ পিছত বিগত সপ্তাহটোত ২৫০ ৰো অধিক লোকৰ শৰীৰত ক’ৰ’ণা ভাইৰাছ সংক্ৰমিত হৈছে।

ইয়াৰ ভিতৰত ১৯২ গৰাকী শিক্ষাৰ্থী আৰু ৭২ গৰাকী শিক্ষক বুলি জানিব পৰা গৈছে।

কেৰলাৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ অনুসৰি বিদ্যালয়ৰ শ্ৰেণীসমূহ পুনৰ আৰম্ভ হোৱাৰ পিছতে বিগত সপ্তাহটোত শিক্ষাৰ্থীসহ ৬০০ ৰো অধিক লোকৰ ক’ৰ’ণা পৰীক্ষা কৰোৱা হৈছিল।

ইয়াৰে মাল্লাপ্পুৰম জিলাৰ মাৰাঞ্চি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ১৫০ গৰাকী শিক্ষাৰ্থীৰ শৰীৰত ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ৩৪ গৰাকী শিক্ষকো আক্ৰান্ত হৈছে ক’ৰ’ণাত।

ইয়াৰ পূৰ্বেও বিদ্যালয়খনত ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ঘটিছিল আৰু ইয়াৰ ফলতে শিক্ষাৰ্থীসহ শিক্ষকসকল ক’ৰ’ণাৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি ধাৰণা কৰা হৈছে।

আনহাতে ভানেৰি নামৰ আন এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৩৬ গৰাকী শিক্ষাৰ্থীসহ ৩৬ গৰাকী শিক্ষক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

ইয়াৰ পিছতে শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ মাজত দুঃচিন্তা আৰু উদ্বেগ বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে।

ক’ৰ’ণা সংক্ৰমণৰ বাবে বৰ্তমান দুয়োখন বিদ্যালয়কে বন্ধ কৰি দিয়া হৈছে।