NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ আন এক চাঞ্চল্য : খালী ভৰিৰে ১১ ছেকেণ্ডত দৌৰিলে ১০০ মিটাৰ; ভিডিঅ’ ভাইৰেল

Posted by: এন ই নাও নিউজ August 14, 2019 1:20 pm
১১ ছেকেণ্ডত

মাত্ৰ ১১ ছেকেণ্ডত খালী ভৰিৰে ১০০ মিটাৰ দৌৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰামেশ্বৰ গুৰজাৰ নামৰ এজন ১৯ বছৰীয়া যুৱকে। যুৱকজনৰ দৌৰা ভিডিঅ’টো বিভিন্ন মাধ্যমত ভাইৰেল হৈ পৰাত তেওঁ এতিয়া বহুতৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।

মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ এইগৰাকী ১৯ বছৰীয়া যুৱকৰ প্ৰতিভা এটা ভিডিঅ’ৰ জৰিয়তে প্ৰকাশ পোৱাত ৰামেশ্বৰ ভাৰতৰ সম্পদ, গৌৰৱ তথা ভৱিষ্যত বুলি বিভিন্নজনে মন্তব্য কৰিছে।

ইফালে ভিডিঅ’টো ভাইৰেল হৈ পৰাত মধ্য প্ৰদেশ চৰকাৰে যুৱকজনক ৰাজধানী চহৰ ভূপাললৈ মাতি পঠোৱা বুলি জানিব পৰা গৈছে। এই কথা প্ৰকাশ কৰিছে নিউজ এজেন্সি পি টি আয়ে।

উল্লেখ্য যে ছ’চিয়েল মিডিয়াত এটা আকৰ্ষণীয় কেপশ্যনৰ সহায়ত চেয়াৰ কৰা হৈছিল ভিডিঅ’টো।

‘যদি তেওঁ উন্নতমানৰ প্ৰশিক্ষণ আৰু সুবিধা পাই, তেওঁ ৯ ছেকেণ্ডত ১০০ মিটাৰ দৌৰিব পাৰিব’। এইটো আছিল কেপশ্যন।

যুৱকজনৰ গতি আৰু প্ৰতিভা দেখি হতবাক হোৱা মধ্য প্ৰদেশৰ ক্ৰীড়া মন্ত্ৰী জিতু পাটোৱাৰীয়ে সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি মন্তব্য কৰিছে।

‘যদি ল’ৰাটোৰ প্ৰদৰ্শন কৰিব পৰা ক্ষমতা আছে তেন্তে মধ্য প্ৰদেশ ক্ৰীড়া মন্ত্ৰণালয়ৰ ফালৰ পৰা সদাই সহায় আগবঢ়োৱা হ’ব’। এই মন্তব্য ক্ৰীড়া মন্ত্ৰীজনৰ।

ৰামেশ্বৰে ১১ ছেকেণ্ডত সম্পূৰ্ণ কৰিছে ১০০ মিটাৰ দূৰত্ব। ভৰিত নাছিল জোতা। এথলেটিক ট্ৰেক বা কোনো ষ্টেডিয়াম নহয় সেয়া আছিল এটা পকী ৰাস্তা।

উল্লেখ্য যে অনিল কুমাৰ প্ৰকাশৰ নামত থকা ১০০ মিটাৰৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড (১০.৩০ ছেকেণ্ড) আৰু উছেইন বল্টৰ নামত থকা বিশ্ব ৰেকৰ্ড (৯.৫৮ ছেকেণ্ড)তকৈ মাত্ৰ কেই মাক্ৰ’ছেকেণ্ড পিছ পৰি আছে ৰামেশ্বৰ।

পকী ৰাস্তাত খালী ভৰিৰে ১১ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰিব পৰা যুৱকজনক যদি উন্নমানৰ প্ৰশিক্ষণ তথা পৰ্যাপ্ত পৰিমানৰ সা-সুবিধা দিয়া হয় তেন্তে নিশ্চিতভাৱে অনাগত সময়ত ৰামেশ্বৰে আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত দেশক প্ৰতিনিধিত্ব কৰি বুটলি আনিব পাৰিব পদক।

মন কৰিব লগীয়া কথাটো হ’ল ইয়াৰ আগেও ২০০৬ চনত বিহাৰৰ বুধিয়া সিং নামৰ এটি চাৰি বছৰীয়া শিশুৱে ৬৫ কিলোমিটাৰ দৌৰি বিভিন্ন ৰেকৰ্ড গঢ়িছিল। কিন্তু পাছলৈ সেই প্ৰতিভাৰ কোনো বিকাশ হোৱা দেখা নগ’ল।

বুধিয়া সিঙৰ দৰে যাতে ৰামেশ্বৰ গুৰজাৰৰ নহয় তাকেই এতিয়া একাংশ ক্ৰীড়া সচেতকে মন্তব্য কৰিছে।