NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰাখণ্ডৰ মহাপ্ৰলয়ৰ শেহতীয়া তথ্য : মৃতকৰ সংখ্যা ২৬; অসমৰ তিনি যুৱকসহ ২০০ নিখোজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 9, 2021 10:16 am
Tapovan

উত্তৰাখণ্ডৰ মহাপ্ৰলয়ৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলসমূহে।

সোমবাৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন ফাণ্ডে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে ২৬ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

মহাপ্ৰলয়ৰ ফলত এতিয়াও ১৯৭ গৰাকী লোক নিখোজ হৈ থকা বুলি জনাইছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন ফাণ্ডে।

ইপিনে এই মহাপ্ৰলয়ত অসমৰ কামপুৰৰ দুই ভাতৃ আৰু হোজাইৰ এজন যুৱক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি তেওঁলোক হৈছে কামপুৰৰ চাংচকীৰ অমৰজ্যোতি দাস আৰু কমল দাস আৰু হোজাইৰ ২৫ বৰ্ষীয় যুৱক সুশান্ত দালু।উত্তৰাখণ্ডত অসমৰ কেইবাজনো লোক থকা বুলিও জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত অধিক খবৰৰ বাবে অপেক্ষা কৰা হৈছে।

উল্লেখ্য দেওবাৰে পুৱা উত্তৰাখণ্ডৰ ধাউলি গংগা নদীৰ পানী হঠাতে ওফন্দি উঠাৰ ফলত মুহূৰ্তৰ ভিতৰতে এক বৃহৎ অঞ্চল পানীৰ ঢলে ঢৌৱাই নিয়ে।

পানীৰ সোঁতত ঋষি গংগা শক্তি প্ৰকল্পত কৰ্মৰত প্ৰায় ১৫০ জন কৰ্মীক উটুৱাই নিয়ে।

এতিয়ালৈকে তেওঁলোকৰ কোনো সন্ধান পোৱা হোৱা নাই।উত্তৰাখণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শীৰ্ষ বিষয়া ৰিধিম আগৰৱালাই প্ৰকাশ কৰা মতে ৰাজ্য খনৰ চামলি জিলাৰ তপোবন অঞ্চল ৰেনী নামৰ অঞ্চলটোত বৰফৰ এটা বৃহৎ খণ্ড খহি পৰাৰ ফলতে নৈৰ জলপৃষ্ঠ হঠাতে বাঢ়ি যায়।

ইফালে আমেৰিকাই উত্তৰাখাণ্ডৰ হিমবাহ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা মহাপ্ৰলয় নিহত হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।