NORTHEAST NOW (Assamese)
Popular Stories

টুলুঙা বিতৰ্কেৰে চৰ্চাত থকা কংগনা ৰানাৱটৰ টুইটাৰ এৰি যোৱাৰ ‘ভাবুকি’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2021 6:42 pm

টুইটাৰৰ গাইডলাইনসমূহ ভংগ কৰাৰ বাবে এপটোৰ পৰা কেইবাবাৰো সাময়িক নিলম্বন আৰু নিষেধাজ্ঞাৰ সম্মুখীন হোৱা অভিনেত্ৰী কংগনা ৰানাৱটে শেহতীয়া টুইটযোগে এপটোৰ পৰা আঁতৰি যোৱাৰ ‘ভাবুকি’ দিছে।

এই টুইটটোৰ স’তে কংগনাই টুইটাৰৰ চিইঅ’ জেক দৰ্চেক টেগ কৰি তেওঁক ‘ড্ৰাগী’ সম্বোধন কৰিছে। তদুপৰি টুইটাৰৰ বিপৰীতে কংগনাই ভাৰতবৰ্ষই প্ৰস্তুত কৰা ‘কু’ এপ ব্যৱহাৰ কৰিব বুলি সদৰী কৰিছে।

কৃষক বিদ্ৰোহৰ বিৰুদ্ধে ভিত্তিহীন টুইট আৰু সাম্প্রদায়িক বক্তব্যৰে টুইটাৰত চৰ্চাত থকা কংগনাই টুইটাৰক ‘চাইনীজ পাপেট’ হিচাপেও নামকৰণ কৰিছিল।

কৃষক বিদ্ৰোহৰ বিৰুধাচ্চাৰণ কৰি কংগনাই পাঞ্জাৱী পপষ্টাৰ দিলজিত দোচাঞ্জকে ধৰি বলিউদৰ বহুকেইগৰাকী তাৰকাৰ স’তে টুইটাৰত বাকযুদ্ধ অব্যাহত ৰাখিছে।

শেহতীয়াকৈ নিজৰ অভিনয় প্ৰতিভাক হলিউডৰ বলিষ্ঠ অভিনেত্ৰী মেৰিল ষ্ট্ৰীপ, ষ্টাণ্টৰ ক্ষেত্ৰত টম ক্ৰ’জ আৰু গ্লেমাৰৰ ক্ষেত্ৰত চুপাৰমডেল গাল গড’টৰ স’তে তুলনা কৰি হাঁহিয়াতৰ পাত্ৰ হৈছিল।

তদুপৰি হলিউদৰ কিংম্বদন্তী মাৰ্লন ব্ৰেণ্ড’ৱে অস্কাৰ প্ৰত্যাখান কৰাৰ কথা জেৰ টানি কয় যে কিংম্বদন্তী অভিনেতাগৰাকীৰ দৰে কংগনাইও ফিল্মফেয়াৰ এৱাৰ্ড প্ৰত্যাখান কৰিছিল।

উল্লেখযোগ্য যে ক্ৰেমাৰ ভাৰ্চেচ ক্ৰেমাৰ, দ্যা আইৰণ লেডী, জুলীয়া এণ্ড জুলীয়াৰ দৰে বহুপ্ৰশংসিত চিনেমাৰ যোগেৰে জনপ্ৰিয়তা লাভ কৰা মেৰিল ষ্ট্ৰীপে অভিলেখসংখ্যকভাৱে একৈশবাৰ অস্কাৰৰ বাবে নমিনেচন লাভ কৰি তিনিবাৰ শ্ৰেষ্ঠ অভিনেত্ৰী হিচাবে বিবেচিত হোৱাৰ উপৰিও ৩২বাৰ গ’ল্ডেন গ্ল’ৱ এৱাৰ্ডৰ নমিনেচন লাভ কৰি নবাৰ বিজয়ী হৈছিল।

তিনিবাৰৰ নেশ্বনেল ফিল্ম এৱাৰ্ডি কংগনাই প্ৰশ্ন কৰিছিল যে মেৰিল ষ্ট্ৰীপে কেইবাৰ নেচনেল এৱাৰ্ড অথবা পদ্ম এৱাৰ্ড লাভ কৰিছে?

টুইটাৰৰ পৰা আঁতৰি যোৱাৰ এই ভাবুকিৰ পাছতে তেওঁৰ ফল’ৱাৰসকলৰ মাজত সৰস প্ৰতিক্ৰিয়াৰ দেখা পোৱা গৈছে।