NORTHEAST NOW (Assamese)
Popular Stories

কৃষক বিদ্ৰোহ : ১৮ ফেব্ৰুৱাৰীত দেশজুৰি ‘ৰেল বন্ধ’ৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2021 8:36 pm

নতুন কৃষি আইনৰ বিৰোধিতাৰে কৃষক বিদ্ৰোহক ব্যাপক ৰূপ দিবৰ বাবে কৃষক সংগঠনসমূহে ‘ৰেল বন্ধ’ৰ ঘোষণা কৰিছে। ‘সময়ুক্তা কিষাণ মৰ্চা’ই ঘোষণা কৰামতে ১৮ ফেব্ৰুৱাৰীত চাৰি ঘণ্টাৰ বাবে দেশজুৰি ৰেলপথসমূহ বন্ধ কৰি ৰখা হ’ব।

তদুপৰি ১২ ফেব্ৰুৱাৰীৰ পৰা ৰাজস্থানত ৰেলৱে’ৰ ট’লসংগ্ৰহৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে।

কৃষক সংগঠনটোৱে জানিব দিয়া মতে, ১৮ ফেব্ৰুৱাৰীৰ দিনৰ ১২ বজাৰ পৰা ৪ চাৰি বজালৈকে তেওঁলোকে ‘ৰেল বন্ধ’ বাহাল ৰাখিব।

উল্লেখযোগ্য যে চলিত মাহৰ প্ৰথমফালেও প্ৰতিবাদকাৰী কৃষকসকলে তিনি ঘণ্টাৰ বাবে ‘ৰাস্তা বন্ধ’ কাৰ্যসূচী হাতত লৈছিল।