NORTHEAST NOW (Assamese)
অসম

প্ৰথম টেলিফোনিক বাৰ্তালাপতে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙক সকিয়নি মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 11, 2021 2:29 pm
a biden

ভবা হৈছিল ট্ৰাম্পৰ দিনত আমেৰিকাৰ সৈতে চীনৰ যি তিক্ত সম্পৰ্ক গঢ়লৈ উঠিছিল সেয়া হয়তো বিদেনৰ দিনত মধুৰ হৈ পৰিব।

কিন্তু আজি তাৰ এখন ওলোটা ছবিহে দেখিবলৈ পোৱা গ’ল।

মাৰ্কিন ৰাষ্ট্ৰপতি হিচাবে শপতগ্ৰহণ কৰাৰ পিছতে জো বিদেনে বিশ্বৰ কেইবা খনো দেশৰ ৰাষ্ট্ৰপ্ৰধানলৈ ফোন কৰিছে যদিও চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙলৈ তেওঁ ফোন কৰা নাছিল।

আজি মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙলৈ ফোন কৰে।

চীনা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ অচিলালৈ জিনপিঙলৈ বিদেনে কৰা ফোন কলটোৱে দুয়ো খন দেশৰ সম্পৰ্ক উন্নীত কৰাত সহায় কৰিব বুলি ভবা হৈছিল যদিও প্ৰকৃতাৰ্থত তেনে নহ’ল।

হোৱাইট হাউচৰ সূত্ৰই প্ৰকাশ কৰা মতে আলোচনা কালত বিদেনে জিনপিঙক ইণ্ডো-পেচিফিক অঞ্চলত কোনো কাৰণতে শান্তি বিঘ্নিত যাতে নহয় সেই বিষয়ত চীনক সংযত হৈ থাকিবলৈ এক প্ৰকাৰ সতৰ্ক কৰি দিয়ে।

টেলিফোনিক বাৰ্তালাপত চীনৰ সেনাই দেশ খনৰ জিনজিয়াং প্ৰদেশত ব্যাপক হাৰত মানৱাধিকাৰ উলংঘা কৰাৰ বিষয়টোত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে গভীৰ উদ্বেগ ব্যক্ত কৰে।

জিনজিয়াঙত মানৱাধিকাৰ উলংঘাৰ ঘটনা বন্ধ কৰিবলৈও বিদেনে চীনৰ ৰাষ্ট্ৰপতিগৰাকীক সতৰ্ক কৰি দিয়ে।

উল্লেখ্য ভাৰত-চীন প্ৰসংগত আমেৰিকাই ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰিছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কিছুদিন পূৰ্বে হোৱা টেলিফোনিক বাৰ্তালাপত বিদেনে কৈছিল যে সংকটৰ সময়ত আমেৰিকা সদায় ভাৰতৰ কাষত থাকিব।

আমেৰিকাৰ বিদেশ সচিব এণ্টনী ব্লিংকনেও ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰক একে আশ্বোসেই প্ৰদান কৰিছিল।

আজি জিনপিঙৰে হোৱা টেলিফোনিক বাৰ্তালাপতো মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে চীনক সতৰ্কবাৰ্তা শুনোৱাৰ কথাই সেয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।