NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলং আৰক্ষীয়ে আটক কৰিলে তিনিজনকৈ দুৰ্ধৰ্ষ উগ্ৰপন্থী

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা February 11, 2021 5:38 pm
terrrorist arrested

কাৰ্বি আংলঙৰ আঞ্জুকপানী আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা।

আঞ্জুকপানী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দয়ালৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই কাৰ্বি আংলঙৰ ওপৰ গাঁও পাহাৰত আটক কৰিছে তিনিজন উগ্ৰপন্থী সদস্যক।

কে. ডি. এল. এফ (কাৰ্বি ডেমক্ৰেটিভ লিবাৰেচন ফ্ৰণ্ট)ৰ ধৃত তিনিজন উগ্ৰপন্থীৰ নাম হৈছে ক্ৰমে জেকচন ৰংহাং(২৭), ৰাজু তেৰণ ওৰফে কাইবং ওৰফে পাংৰী ক্ৰনজাং(২৬), বকলীয়া দিছবাই গাঁও আৰু ওৱেলচন ৰংহাং(২২), ৰংহাং গাঁও।

আৰক্ষীয়ে লগতে তেওঁলোকৰ জিম্মাৰ পৰা পইণ্ট টু টু পিষ্টল আৰু ২টা ম’বাইল ফোন উদ্ধাৰ কৰে।

নগাঁও-কাৰ্বি আংলং সীমান্তবৰ্তী আঞ্জুকপানী থানা, জখলাবন্ধা থানা আৰু ৰংবংৱে থানা এলেকাৰ অধীনৰ বিভিন্ন ব‍্যৱসায়ীক সদস্যকেইজনে উক্ত উগ্ৰপন্থী দলৰ নামলৈ ধন দাবী কৰি আৰক্ষীৰ নিদ্ৰা হৰণ কৰিছিল।

ইপিনে, ঘটনাৰ লগত জড়িত আৰু কেইবাজনো অপৰাধীক বিচাৰি অভিযান আৰক্ষীয়ে অব‍্যাহত ৰাখিছে।