NORTHEAST NOW (Assamese)
অসম

দুলীয়াজানৰ অইল ইণ্ডিয়াত পিঞ্জৰাত বন্দী দুষ্প্ৰাপ্য ঘোং; বন বিভাগে এৰি দিলেগৈ চৰাইপুং বনাঞ্চলত

Posted by: অভিক চক্ৰবৰ্তী March 19, 2018 4:47 pm
black panther at duliajan

দুলীয়াজানত সোমবাৰে ৰাতিপুৱা পিঞ্জৰাত বন্দী হ’ল এটা দুষ্প্ৰাপ্য ঘোং (black panther)। ঘোংটোৰ উপস্থিতিৰ বিষয়ে অৱগত হৈ ২০ দিন আগতে বন বিভাগে লোহাৰ পিঞ্জৰাটো স্থাপন কৰিছিল।

লক্ষীপথাৰৰ বন সংমণ্ডল বিষয়া (Ranger) স্বপ্ননীল হাজৰিকাই এন ই নাওক জনোৱা মতে কিছু সময় নিৰীক্ষণত ৰখাৰ পিছত ঘোংটো চৰাইপুং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয়।

অইল ইণ্ডিয়াই বন বিভাগক ঘোংটোৰ বিষয়ে খবৰ দিয়া বুলি উল্লেখ কৰি বিষয়াজনে কয়, ‘অইল ইণ্ডিয়াৰ নতুন ঔদ্যোগিক এলেকাত নিৰাপত্তাৰক্ষীয়ে প্ৰায় এমাহ আগতে ঘোংটো প্ৰথম দেখিছিল। চৌহদৰ ভিতৰৰ চি চি টি ভি কেমেৰাত তাৰ গতিবিধি ধৰা পৰিছিল।’

বন বিষয়াজনে লগতে জনাই যে বাঘটোৱে ঠাই সলনি কৰি থকা বাবে তাক ধৰিবলৈ টান হৈছিল।

ঘোংটোৰ উপস্থিতিয়ে তৈল নগৰীখন বাসিন্দাসকলৰ মাজত যোৱা কিছুদিন ধৰি উৎকণ্ঠাৰ সৃষ্টি কৰিছিল।