NORTHEAST NOW (Assamese)
Popular Stories

ভূমিকম্প! হঠাৎ বিশ্বনাথত লাগিল হুৱাদুৱা

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম February 12, 2021 2:06 pm

হঠাৎ বিশ্বনাথ চাৰিআলিত হুৱাদুৱা লাগিল। ভূমিকম্প! উদ্ধাৰৰ বাবে ব্যাস্ত হৈ পৰিছে এদল জোৱান।

বিদ্যালয়ৰ কোঠাত আৱদ্ধ ছাত্ৰ ছাত্ৰী। কোনো ব্যক্তিক কোঠাৰ ওপৰৰ পৰা, আন কোনো ব্যক্তিক তিনিমহলীয়া ঘৰৰ ওপৰৰ পৰা উদ্ধাৰ কৰিছে উদ্ধাৰকাৰীয়ে!

ভুল নুবুজিব দৰাচলতে এয়া বিশ্বনাথত অনুষ্ঠিত হোৱা এক অনুশীলনৰহে বৰ্ণনা।

বিশ্বনাথ জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ প্ৰশমণ প্রাধিকৰনে ভূমিকম্প আৰু অগ্নি দুৰ্যোগৰ সময়ত ল’বলগীয়া ব্যৱস্থাৱলীৰ সন্দৰ্ভত এক অনুশীলন (Mock Drill) অনুষ্ঠিত কৰা হয়।

লিটিল ষ্টাৰ স্কুল, বিশ্বনাথ চাৰিআলিৰ কল্যানপুৰৰ নিত্যানন্দ এপাৰ্টমেণ্টসহ বহুকেইটা স্থানত অৰুণাচল প্ৰদেশৰ এন.ডি.আৰ.এফ বাহিনীৰ ১২ জন  আৰু আছাম ৰাইফলছ, লাক্ৰাৰ ১৭ জন জোৱানে অনুশীলন প্ৰদৰ্শন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।